জামুগুৰিহাটত সাংস্কৃতিক কৰ্মীৰ ঘৰত দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিলে ৫০টাকৈ হাঁহ।

জামুগুৰিহাটৰ কুসুমটোলাত সাংস্কৃতিক কৰ্মী ৰাজীৱ বৰঠাকুৰৰ ঘৰত আজি কোনো দুষ্কৃতিকাৰীয়ে বিহ দি ৫০টাকৈ হাঁহ নিধন কৰে।কৰ’ণা মহামাৰীয়ে সাংস্কৃতিক জগতখনলৈও স্হবিৰতা আনি দিয়াৰ পাছত সাংস্কৃতিক কৰ্মী গৰাকীয়ে সাময়িকভাৱে অভিনয় জগতখন এৰি ঘৰলৈ ঘুৰি আহি এইদৰে হাঁহ, কুকুৰা,ছাগলী, গৰু পোহপাল দি জীৱিকাৰ পথ বাচি লৈছিল যদিও আজি পুৱা কোনো দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ চৌহদৰ পুখুৰীত থকা হাঁহ সমুহক এইদৰে বিহ দি নিধন কৰাৰ পাছত মানসিকভাবে এতিয়া ভাগি পৰিছে যুৱ সাংস্কৃতিক কৰ্মী গৰাকী। ইতিমধ্যে এই সন্দৰ্ভত সাংস্কৃতিক কৰ্মী গৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles