নগাঁও জিলা কৃষি বিভাগৰ সৌজন্যত মধুবন দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সহযোগত নগাঁও জিলাৰ পোতনি কমাৰ গাঁৱত এটি কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।ৰাষ্ট্ৰীয় ভোজ্য তেল আৰু তৈল বীজ অভিযানৰ অধীনত ননৈ কৃষি চক্ৰ এলেকাৰ কমাৰ গাঁও, ঘোগৰ জলাহ, বিহৰী গাঁও, তেলীয়া গাঁৱৰ তিনি শতাধিক কৃষক উপস্থিত থকা এই প্ৰশিক্ষণ শিবিৰত সৰিয়হৰ লগতে মচুৰ মাহৰ আদি দিশত প্ৰশিক্ষণ প্ৰদান কৰে চিলঙনী মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ বিনোদ কলিতা, ডঃ নৱজ্যোতি ভূঞা আৰু ডঃ হিৰণ্য দেৱনাথে।
উক্ত প্ৰশিক্ষণ শিবিৰৰ অন্তত এই আঁচনিৰ অধীনত বৃহত্তৰ অঞ্চলটোত ৰূপায়ণ কৰি থকা প্ৰায় ২০০০ বিঘা সৰিয়হৰ প্ৰদৰ্শনমূলক খেতিত দ্ৰোণৰ জৰিয়তে নেনো ইউৰিয়া সাৰ প্ৰয়োগৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।
উক্ত প্ৰশিক্ষণ শিবিৰত নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱা,নগাঁও মহকুমা কৃষি বিষয়া ক্ৰমে অসীম পাঠক,মফিদুৰ ৰহমান(মৰাপাট),জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কল্যাণ গোস্বামী আদি উপস্থিত থাকে।

