ডি বি এইচ আৰ জি এফ টি আইত সাংস্কৃতিক মন্ত্রী বিমল বড়াই উন্মোচন কৰিলে ‘বৈচিত্র’ শীর্ষক এখনি শ্ৰব্য এলবাম

ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশন প্ৰতিষ্ঠান (ডি বি এইচ আৰ জি এফ টি আই)ত আজি আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা,উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ‘বৈচিত্র’ শীর্ষক এখনি শ্ৰব্য এলবাম উন্মোচন কৰে। প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী সকলে প্ৰস্তুত কৰা একোটাকৈ ৰাভাগীত, জ্যোতি সংগীত, কামৰূপীয়া লোকগীত, ঝুমুৰ, বিহু আৰু তিনিটা আধুনিক গীত সন্নিবিষ্ট শ্ৰব্য এলবামটি উন্মোচন কৰি মন্ত্রী বড়াই চলচ্চিত্র মাধ্যমটিৰ সৈতে জড়িত শিক্ষাৰ্থী সকলক ভাগ্যবান বুলি উল্লেখ কৰি কয় যে ইয়াত আমি জীৱনক প্ৰতিবিম্বিত কৰিব পাৰো। ইয়াৰ শিক্ষাৰ্থী সকলক উদ্দেশ্যি মন্ত্রী গৰাকীয়ে কৰ্মৰ জৰিয়তে আমাৰ সমাজ জীৱনক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।

সংগীত পৰিচালক প্ৰণৱ দাসৰ পৰিচালনাত নিৰ্মাণ কৰা শ্ৰব্য এলবামটিত কণ্ঠদান কৰিছে ক্ৰমে ধনজিৎ দাস, ৰূপম ভূঞা,বিৰিণা পাঠক,ৰোহিত সোণাৰ,প্ৰিয়ংকা ডেকা আৰু প্ৰাঞ্জল দাসে।
একেটা অনুষ্ঠানতে মন্ত্রী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী সকলে নিৰ্মাণ কৰা ‘নিলপৱন বৰুৱাক বিচাৰি’ শীর্ষক তথ্যচিত্র এখনৰো জন সাধাৰণ প্ৰদৰ্শনৰ বাবে মুকলি কৰে। অনুষ্ঠানত উপস্থিত প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী সকলৰেও মন্ত্রী গৰাকীয়ে মত বিনিময় কৰে আৰু প্ৰতিষ্ঠানটোৰ ষ্টুডিও,লেৱ আদি বিভিন্ন বিভাগত প্ৰৱেশ কৰি ইয়াৰ কাম কাজৰ বুজ লয়।

অনুষ্ঠানটিত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ জয় কান্ত শৰ্মা, প্ৰতিষ্ঠানটোৰ সঞ্চালক তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ, অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মণি দীপা বৰকটকীকে ধৰি ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্র আৰু টেলিভিশন প্ৰতিষ্ঠানৰ চাৰিওটা বিভাগৰ শিক্ষক তথা শিক্ষাৰ্থী সকল উপস্থিত আছিল

Related Articles