Breaking

শিৱসাগৰৰ সংস্কৃতিবান হিন্দু যুৱকে খুৱালে চে্হৰীৰ আহাৰ

0 494

হিন্দু কি মুছলমান,একে আল্লাৰ ফৰমান,মোৰ মনত একেটি ভাব”সাত সাগৰ তেৰ নদী পাৰ হৈ সূদুৰ পাৰস্যৰ পৰা আহি অসম মুলুকৰ শিৱসাগৰ জিলাত থিতাপি লৈ জনসাধাৰণৰ মাজত ঐক্য-সম্প্ৰীতিৰ বাণী বিলোৱা চুফী সাধক আজানপীৰ চাহেবৰ এই ঐক্য-সম্প্ৰীতিৰ আৰু ভাতৃত্ববোধৰ বাণী আকৌ এবাৰ জীপাল হৈ উঠিল ১৮৩৮ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত ঐতিহাসিক নাজিৰা পুৰণা মছজিদত অনুষ্ঠিত এক চে্হৰী অনুষ্ঠানত।যি সময়ত ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক বিষবাষ্পৰে একাংশই পৰিৱেশ কলুষিত কৰিছে,সেই সময়ত শিৱসাগৰ জিলাৰ চেৰেকাপাৰ বগৰীতলৰ সমাজকৰ্মী প্ৰয়াত অনিল চন্দ্ৰ বড়াৰ সংস্কৃতিৱান পুত্ৰ পাৰ্থপ্ৰতিম বড়াই ঐতিহাসিক নাজিৰা পুৰণা মছজিদত ৰোজাদাৰ সকলক চেহৰীৰ আহাৰ খুৱাই এক সুন্দৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে।

উল্লেখ্য যে নাজিৰাৰ এই ঐতিহাসিক পুৰণা মছজিদ পৰিচালনা সমিতিৰ সভাপতি আলহাজ ৰেকীবুদ্দিন আহমেদ আৰু সম্পাদক ফাৰুকুদ্দিন আহমেদৰ উদ্যোগত আৰু জামাতৰ বিভিন্নজন শুভাকাংক্ষীৰ সহযোগত চলিত ৰমজান মাহৰ প্ৰথমৰ পৰাই মাদ্ৰাছাৰ দৰিদ্ৰ ছাত্ৰ আৰু বিভিন্ন স্হানৰ পৰা অহা অতিথিসকলক বিনামূলীয়াকৈ চে্হৰী আৰু নাজিৰা পুৰণা মছজিদ ডেকা জামাতৰ উদ্যোগত ইফটাৰৰ ব্যৱস্থা কৰি আহিছে।

এই চে্হৰীৰ অনুষ্ঠানতে ২৯এপ্ৰিলৰ পুৱতি নিশালৈ চেৰেকাপাৰৰ সংস্কৃতিবান-সমাজকৰ্মী যুৱক পাৰ্থপ্ৰতিম বড়াই মছজিদৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক ৰোজাদাৰক চে্হৰীৰ আহাৰ খুৱাই ঐক্য-সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।এই উদ্দেশ্য পাৰ্থপ্ৰতিম বড়াই পুৱতি নিশা ২-০০ বজাত শুৱাৰ পৰা উঠি পুৱতি নিশা ২-৪৫বজাত ঐতিহাসিক মছজিদত অনুষ্ঠিত চে্হৰী অনুষ্ঠানত অংশ গ্ৰহণ কৰি নিজেও চে্হৰীৰ আহাৰ গ্ৰহণ কৰাৰ লগতে এক ৰাজহুৱা দোৱাত অংশ গ্ৰহণ কৰে।ৰোজাদাৰ সকলে ঐক্য-সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা সংস্কৃতিৱান যুৱক পাৰ্থপ্ৰতিম বড়াৰ মঙ্গল কামনা কৰি দোৱা কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা কৰে।ইফালে পুৱতি নিশা ৰোজাদাৰক চে্হৰীৰ আহাৰ খুৱাই আত্ম সন্তুষ্টি লাভ কৰাৰ কথা ব্যক্ত কৰে পাৰ্থপ্ৰতিম বৰাই।

Leave A Reply