Breaking

দেৰগাঁৱৰ বালিদোৱাৰ বাকৰিত সৃষ্টিৰ আঁক বাঁক শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

0 98

গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ ৰঙ্গমঞ্চৰ প্ৰাংগনত দেওবাৰে নৃত্যাংগনা কলা কেন্দ্ৰৰ বালিদোৱা শাখাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়।

সৃষ্টিৰ আঁক বাঁক শীৰ্ষক নামেৰে অনুষ্ঠিত হোৱা অনুষ্ঠনটিৰ উপলক্ষে পুৱা ৯ বজাত গছপুলি ৰোপণ কৰে সমাজ সেৱক কনেকেশ্বৰ হাজৰিকাই। পুৱা ৯:৩০ বজাত বন্তি প্ৰজ্বলন কৰে বলিদোৱা গাঁৱৰ সমাজ সেৱক দেৱেন হাজৰিকাই।

পুৱা ১০ বজাত সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে জৰাগুৰি শংকৰ মাধৱ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক গুনন্দ ভৰালীয়ে।

তিনিটা শাখাত অনুষ্ঠিত হোৱা সৃষ্টশীল নৃত্য প্ৰতিযোগিতাত ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই নৃত্যাংগনা কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ দলীয় নৃত্যৰ লগতে সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উল্লেখ্য যে এই অনুষ্ঠানতেই ব্ৰহ্মপুত্ৰ অঞ্চলৰ কেইবাজনো সমাজ সেৱকক নৃত্যাংগনা কলা কেন্দ্ৰৰ বালিদোৱা শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply