নৰসিংহ পাত অতি সুগন্ধি আৰু সোৱাদযুক্ত। (Curry Leaf) লগতে নৰসিংহ পাত ভিটামিন চি, ফছফৰাছ, আইৰণ, কেলচিয়াম আৰু নিকোটিনিক এচিডযুক্ত, যিয়ে বহু ধৰণে স্বাস্থ্য উপকৃত কৰিব পাৰে।
যদি আমি আমাৰ স্বাস্থ্যৰ উন্নতি কৰিব বিচাৰো, তেন্তে আমি দিনটোৰ আৰম্ভণি স্বাস্থ্যসন্মতভাৱে কৰা উচিত। সেইবাবে নৰসিংহ পাত চোবাই খোৱাটো এটা ভাল অভ্যাস। দক্ষিণ ভাৰতীয় খাদ্য প্ৰায়ে এই পাতৰ সহায়ত প্ৰস্তুত কৰা হয়, সেইবাবে তেওঁলোকৰ খাদ্য অতি সোৱাদযুক্ত। প্ৰতিদিনে পুৱা সতেজ নৰসিংহ পাত চোবাই খোৱা লোকসকলে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত কেনে ইতিবাচক প্ৰভাৱ পেলায় জানো আহক-
১) হজম শক্তি সুস্থ কৰি ৰাখে-
খালী পেটত নৰসিংহ পাত চোবাই খালে পাচনতন্ত্ৰ ভালে থাকে। ৰাতিপুৱা একো নোখোৱাকৈ খালে মলত্যাগ সহজ কৰি তোলে। কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পোৱাত সহায় কৰিব পাৰে।
২) ৰাতিপুৱাৰ ৰোগৰ পৰা সকাহ
বহু লোকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত দুৰ্বলতা, মূৰ ঘূৰোৱা আৰু বমিৰ সন্মুখীন হ’বলগীয়া হয়। এনে অৱস্থাত যদি আপুনি কিছু নৰসিংহ পাত চোবাই খায়, তেন্তে কেৱল হজম শক্তিয়েই নহয়, ৰাতিপুৱাৰ ৰোগৰ পৰাও সকাহ পাব।
৩/ ওজন কমি যোৱা
মেদবহুল লোকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত নৰসিংহ পাত চোবাই খাব লাগে, কিয়নো ই ওজন কমোৱাত সহায় কৰে। শৰীৰৰ বিষমুক্তকৰণ ভাল ধৰণে হয় আৰু কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰিব পাৰি। যদি আপুনিও ওজন বৃদ্ধিৰ বাবে অসুবিধা পাইছে বা পেটৰ চৰ্বি কমাব বিচাৰে তেন্তে নৰসিংহ পাত আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে।
৪/ চুলিৰ বাবে ভাল
নৰসিংহ পাতে চুলি সৰাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। ৰাতিপুৱা প্ৰথমে এগিলাচ পানী খাব লাগে। কেইমিনিটমানৰ পিছত নৰসিংহ পাত কিছু চোবাই খাব পাৰে। পাতবোৰ ভালদৰে চোবাই ব্ৰেকফাষ্ট খোৱাৰ কমেও ৩০ মিনিট আগতে খাব।
আনহাতে নৰসিংহ পাতৰ লগতে নিমৰ পাতৰো আছে ঔষধি গুণ। নীমপাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি । নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে। নিমৰ কোমল পাতৰ গুড়ি পাঁচ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়। মহানিমৰ পাত সিজাই চেঁচা হ’লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।