Breaking

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

0 67

টিংখাং

ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মূলত কাৰিকাৰী বিজুতিৰ বাবে বেংকটোৰ কামকাজ এক প্ৰকাৰে স্থবিৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানটোত হোৱা কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকলে সময় মতে নিজৰ জমাকৃত ধন উলিওৱাৰ পৰা বঞ্চিত হ’ব লগা হৈ আহিছে। একেদৰে জৰুৰী সময়ছোৱাত আন ঠাইলৈ ধন পঠোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ দৰিদ্ৰ মহিলা, শ্ৰমিক, কৃষককে ধৰি বিভিন্ন লোকক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিছে।এই চৰকাৰী সাহায্য হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি আহিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী জনধন যোজনা আঁচনিৰ অধীনত খোলা সমগ্ৰ দেশৰ দৰিদ্ৰ প্ৰতি গৰাকী মহিলাৰ একাউণ্টত  ৫০০ টকাকৈ জমা কৰিছে। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ ধন এপ্ৰিল মাহৰ পাছত চলিত মাহৰ বাবে দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা হিতাধিকাৰী মহিলাসকলৰ একাউণ্টত জমা হৈছে। চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্য বেংকৰ পৰা নিবলৈ সামাজিক ব্যৱধান বৰ্তাই ৰাখি হিতাধিকাৰীসকলে বেংকৰ সন্মুখনত দীঘলীয়া শাৰী পাতিব লগা হৈছে। কিন্তু ঘণ্টাৰ পাছত ঘণ্টা ধৰি শাৰী পতাৰ পাছতো হিতাধিকাৰী তথা গ্ৰাহকসকলে বেংকত হোৱা কৰিকৰী বিজুতিৰ বাবে ধন উলিওৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বেংক শাখাৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত হোৱা চৰম অচলাৱস্থাই গ্ৰাহক সকলক মাজত ব্যাপক ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বেংকত হোৱা সঘন কাৰিকৰী বিজুতি অতি শীঘ্ৰে নিৰাময় কৰিবলৈ গ্ৰাহকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহবান জনাইছে।

Leave A Reply