Cyber Crime: ফোনযোগে ভয়-ভাবুকিৰে এজন ব্যক্তিৰ পৰা লুটিলে কোটি টকা

চাইবাৰ চক্ৰৰ জালত (Cyber Crime) পৰিল এইবাৰ চাপৰৰ এজন সদ্য অৱসৰপ্ৰাপ্ত বিষয়া। মুম্বাইৰ নাছিক থানাত বিভিন্ন অপৰাধত গোচৰ ৰুজু হোৱা বুলি ভয় দেখুৱাই নিজকে প্ৰথমে ক্ৰাইম ব্ৰান্স আৰু পিছত ই ডিৰ ভয় দেখুৱাই লুটি ললে প্ৰায় দুই কোটি টকা। চাপৰ থানাৰ অন্তৰ্গত চাপৰ বজাৰৰ বাসিন্দা তথা বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞানী নিৰ্মল দাস নামৰ ব্যক্তি গৰাকীৰ পৰা ই ডি -ৰ নাম লৈ ১ কোটি ৭০ লাখ ৩৯ হাজাৰ ৪৪৪ টকা লুটি নিয়ে চাইবাৰ অপৰাধী চক্ৰই। নিৰ্মল দাসে দিয়া তথ্য মতে – তেওঁৰ নামত মহাৰাষ্ট্ৰৰ নাসিক থানাত ভুৱা গোচৰ ৰুজু হোৱা বুলি চাইবাৰ অপৰাধী চক্ৰই ফোন কৰিছিল। লগতে স্কেমাৰ চক্ৰই তেওঁৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ অপৰাধত উচ্চতম ন্যায়ালয়ত এটি গোচৰ ৰুজু হৈ আছে বুলি ভাবুকি প্ৰদান কৰে। পিছত উক্ত গোচৰটো ই ডিক হস্তান্তৰ কৰা হৈছে বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে।

কেইদিনমান পিছত নিজকে ই ডিৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তি এজনে কৌশলৰে অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ একাউন্টত থকা ধন ই ডিৰ একাউণ্টত হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তিনি দিন পিছত উক্ত ধনৰাশি মোকলাই দিব বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে। উক্ত প্ৰবঞ্চক চক্ৰই দিয়া বিভিন্ন একাউন্টত নিৰ্মল দাসে যোৱা ২১ জানুৱাৰীৰ পৰা ৯মে’ লৈ ১৯ টা কিস্তিত টকা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে। ধনৰ অন্তিম কিস্তি দিয়াৰ অন্তত তিনিদিন উকলি যোৱাৰ পিছত ধনৰাশি নিজৰ একাউণ্টত উভতি নহাত চিন্তিত হৈ পৰে নিৰ্মল দাস।


এই বিষয়ে তেওঁ প্ৰবঞ্চকৰ কবলত পৰা বুলি সন্দেহ কৰি উপায়ন্তৰ হৈ যোৱা ১৬ জুলাইত চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ১১৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটো গুৰুত্ব সহকাৰে লৈ তৎপৰতাৰে তদন্ত কৰি উক্ত ঘটনা সংক্ৰান্তত ধুবুৰীৰ বন্ধন বেংকৰ এটা শাখাৰ একাউণ্টৰ দ্বাৰাও উক্ত ধনৰাশিৰ এটা অংশ লেনদেন হোৱাৰ তথ্য লাভ কৰে।চাপৰ আৰক্ষীয়ে উক্ত চাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ অভিযোগত ধুবুৰীৰ বন্ধন বেংকৰ শাখাৰ প্ৰবন্ধক দিপ্ত কুমাৰ দাস(৪৬, গুৱাহাটী , ছয়মাইল) আৰু ফকিৰগঞ্জৰ হাফিজুৰ ৰহমান(৪১)ৰ লগতে জালাল উদ্দিন জোদ্দাৰকো (৩৮) আটক কৰে বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তিনিজনকে ইতিমধ্যে চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Related Articles