Cyber criminal: মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত পলাই থকা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।(Cyber criminal)

মৰিগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বশ্যৰ নেতৃত্বত ভেলৌগুৰি আৰক্ষীয়ে যোৱা নিশা চাপৰিত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে এজন চাইবাৰ অপৰাধীক।

চাইবাৰ অপৰাধী জনৰ নাম বাহাৰুম বাছা আলি।

ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা ১৮/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আলিক।

ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আলিক।

Related Articles