মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত পৰিছে এটা চাইবাৰ অপৰাধী । ঝাৰখাণ্ডৰ জামতাৰাৰ পৰা আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীটোৰ নাম গৌৰ দাস (৩৪) । ধৃত প্ৰবঞ্চকটোবে   ভূৰাগাঁৱৰ  দেবজিৎ ভড়ালি নামৰ এজন শিক্ষকৰ নামত থকা মৰিগাঁও এছ বি আই ৰ একাউণ্ট হেকিং কৰি ৬৪০০০ টকা লুট  কৰিছিল । ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষক জনে ভূৰাগাঁও থানাত এটা গোচৰ ৰুজু কৰিছিল । আৰক্ষীয়ে ধৃত চাইবাৰ  অপৰাধীটোৰ পৰা ৫ টা ম’বাইল , ৭ খন বিভিন্ন বেংকৰ এটিএম কাৰ্ড উদ্ধাৰ কৰিছে ।

Related Articles