মাধ্যম সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে নকচাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ চাইকেল ৰেলী

মাধ্যম সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী ভাষাৰ প্ৰৱৰ্তন কৰাৰ বাবে অসম চৰকাৰে যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে শনিবাৰে নকচাৰি আঞ্চলিক ছাত্ৰ সন্থাই পুনৰ চাইকেল ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰে নকচাৰি মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি তিৰুৱাল গাঁৱৰ মাজেদি দেবেৰাপাৰ চাৰিআলিলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে।

‘অসম চৰকাৰ কাম নাই’, ‘শিক্ষা মন্ত্ৰী গ’ বেক’ , ‘মুখ্যমন্ত্ৰীৰ কাম নাই’ আদি ধ্বনিৰে অঞ্চল কপাঁই তোলে। অসম চৰকাৰৰ এই মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সংগঠনটোৰ সভাপতি মাধুৰ্য গগৈয়ে সাকীয়াই দিয়ে।

-কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি

Related Articles