শ্ৰীলংকাত (Cyclone Ditwah) তাণ্ডৱ চলাই ভাৰতৰ তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশ অভিমুখে সামুদ্ৰিক ঘূৰ্ণী দিটোৱাহ।
তামিলনাডু-পুডুচেৰীৰ মাজেৰে পাৰ হ’ব দিটোৱাহ কালঘূৰ্ণী।
শ্রীলংকাত ইতিমধ্যে সাগৰীয় ঘূৰ্ণিৰ ফলত মৃত্যু ডেৰ শতাধিক লোকৰ।
তামিলনাডু- পুডুচেৰীৰ বাবে ৰেড আৰু অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
শনিবাৰে বিয়লি শ্ৰীলংকাৰ পৰা অহা এই ধুমুহাত কমেও ১৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯১ জন লোক নিৰুদ্দেশ হৈছে।
এই ধুমুহাই দ্বীপ ৰাষ্ট্ৰখনত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হয়।
আইএমডিয়ে পুৱা ৫:২০ বজাত ঘূৰ্ণীবতাহ ‘দিতৱাহ’ৰ ওপৰত দিয়া শেহতীয়া আপডেটত জনায় যে বংগ উপসাগৰৰ দক্ষিণ-পশ্চিম উপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ ধুমুহাই ঘণ্টাত ৫ কিলোমিটাৰ বেগত প্ৰায় উত্তৰ দিশলৈ গতি কৰিছে।
ইফালে শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ দিতৱাহৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ বাবে অধিক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।
এএনআইৰ মতে, প্ৰতিকূল বতৰৰ বাবে তামিলনাডুৰ একাধিক জিলাত ৫০খনতকৈও অধিক বিমান বাতিল কৰা হৈছে।

