DA hike 2025: চৰকাৰী কৰ্মচাৰীৰ বাবে সু-খবৰ, বৃদ্ধি পাব DA !

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে DA বৃদ্ধিৰ সম্ভাৱনা। (DA hike 2025) বছৰত দুবাৰকৈ, জানুৱাৰী আৰু জুলাই মাহত Dearness Allowance সংশোধন কৰা হয়। ইয়াৰ ভিত্তি হৈছে বিগত ১২ মাহৰ সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক ঔদ্যোগিক শ্ৰমিকৰ (AICPI-IW) তথ্যৰ ওপৰত।

২০২৫ চনৰ জুলাই মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪% ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা। ছেপ্টেম্বৰ বা অক্টোবৰ মাহত দেৱালীৰ আশে-পাশে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা। শেহতীয়া মুদ্ৰাস্ফীতিৰ তথ্যৰ ভিত্তিত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৪% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে খবৰ ওলাইছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’বলৈ সময় লাগিব। ২০২৫ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছিল অষ্টম দৰমহাৰ আয়োগৰ কথা। কিন্তু এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই আৰু টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ৰ সিদ্ধান্তও লোৱা হোৱা নাই।

এই পদক্ষেপে ডি এ বৰ্তমানৰ ৫৫%ৰ পৰা ৫৯%লৈ বৃদ্ধি কৰিব। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব যদিও ছেপ্টেম্বৰ বা অক্টোবৰ মাহত উৎসৱৰ বতৰৰ ওচৰত এই আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

CPI DATA ৰ ভিত্তিত DA য়ে ৫৯% পোৱাৰ সম্ভাৱনা আছে। ডি এ গণনাৰ ভিত্তি হিচাপে পৰিগণিত হোৱা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (AICPI-IW) ২০২৫ চনৰ মে’ মাহত ০.৫ পইণ্ট বৃদ্ধি পাই ১৪৪ পইণ্ট হৈছে। বিগত তিনিমাহত এই সূচকাংক ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে, মাৰ্চ মাহত ১৪৩, এপ্ৰিল মাহত ১৪৩.৫, আৰু মে’ মাহৰ বাবে এতিয়া ১৪৪ পইণ্টত আছে।

যদি জুন মাহত এই সংখ্যা ১৪৪.৫ হয়, তেন্তে ১২ মাহৰ গড় সূচকাংক হ’ব ১৪৪.১৭। সপ্তম দৰমহা আয়োগৰ সূত্ৰ অনুসৰি এই গড়ৰ ওপৰত ভিত্তি কৰি DA প্ৰায় ৫৮.৮৫%লৈ বৃদ্ধি হ’ব পাৰে, অৰ্থাৎ ৫৯% লৈ।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি বছৰত দুবাৰকৈ অৰ্থাৎ জানুৱাৰী আৰু জুলাই মাহত DA পুনৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে ২০২৫ চনৰ জানুৱাৰী মাহত DA ৫১%ৰ পৰা ৫৫%লৈ বৃদ্ধি কৰা হৈছিল।

যদিও জুলাইৰ পৰা ডি এ বৃদ্ধি কাৰ্যকৰী হ’ব, সাধাৰণতে পিছত ঘোষণা কৰা হয়। বিগত বছৰবোৰত চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত এনে সংশোধনৰ কথা ঘোষণা কৰিছিল, প্ৰায়ে উৎসৱৰ সময়ছোৱাৰ আশে-পাশে। এইবাৰো দীপাৱলীৰ আশে-পাশে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

এইটোৱেই হ’ব সপ্তম দৰমহা আয়োগৰ অধীনত চূড়ান্ত ডি এ বৃদ্ধি, যাৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব।চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ ঘোষণা কৰা হৈছিল যদিও ইয়াতকৈ আৰু কোনো অগ্ৰগতি হোৱা নাই। নতুন আয়োগৰ বাবে এতিয়াও অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া নাই চৰকাৰে। টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ও বাকী আছে।

Related Articles