Breaking

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ বাবে চলিত মাহতে DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা

0 2,332

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰেই আহিব পাৰে সুখবৰ । কিয়নো অতিশীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ DA বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। চলিত মাহতেই চৰকাৰে ৪ শতাংশ DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব।

AICPIৰওপৰত আধাৰ কৰি কোৱা হৈছে যে, চৰকাৰে DA ৪% বৃদ্ধি কৰিব পাৰে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। ৭ম বেতন আয়োগৰ মতে, যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA ৪ শতাংশ বৃদ্ধি হয়, তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাত্ TA ও ৪ শতাংশ বৃদ্ধি হ’ব।

অৱশ্যে, কেন্দ্ৰীয় কৰ্মচাৰীসকলক ১জুলাই ২০২০ ৰ পৰা ১ জানুৱাৰী ২০২১লৈ DA দিয়া নহ’ব । উল্লেখ্য যে, কেন্দ্ৰই ২০২০ চনৰ এপ্ৰিলত ক’ৰোনা সংকটৰ বাবে DA নিষিদ্ধ কৰাৰ লগতে ২০২১ৰ জুনলৈকে কৰ্মচাৰীসকলক DA দিয়া নহ’ব বুলি ঘোষণা কৰিছি।ললক্ষণীয় দিশটো হ’ল যে, এই বৃদ্ধিৰ পাচতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ DA ১৭ শতাংশ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধিৰ পিছত ২১ শতাংশ হ’ব আৰু TAৰ পৰিমাণো ৪ শতাংশ বৃদ্ধি হ’ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনধাৰীৰ পেঞ্চন বৃদ্ধি হ’ব। যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানে DA আৰু DR পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ইয়ে দিব কৰ্নচাৰীসকলক সকাহ |ইপিনে কেন্দ্ৰই সময়ত DA সংশোধন কৰে আৰু মৌলিক দৰমহাৰ আধাৰত DA গণনা কৰা হ’ব। ইয়াক জানুৱাৰী আৰু জুলাইত বছৰত দুবাৰ ঘোষণা কৰা হয়।

Leave A Reply