ছিপাঝাৰৰ ১ নং মাৰৈত সংঘটিত হৈছে এক ডকাইতি কাণ্ড। নিশা পৰিয়ালৰ লোকক অচেতন কৰি ডকাইতৰ দলে লুটি নিয়ে নগদ ধনৰ লগতে প্ৰায় ডেৰ লাখ টকা মূল্যৰ আ-অলংকাৰ। দুমুনীচকী হাইস্কুলৰ প্ৰধান শিক্ষক কৰম আলিৰ বাসগৃহত নিশা ডকাইতৰ দলে প্ৰৱেশ কৰি তাণ্ডৱ চলাই। ইয়াৰ লগতে ডকাইতৰ দলটোৱে ঘৰৰ চৌহদত পেলাই থৈ যায় অন্য কিছু সামগ্ৰী। ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই।

