Breaking

দৈনিক কেঁচা পিঁয়াজ সেৱনে স্বাস্থ্যৰ বহু ক্ষতি কৰাৰ সম্ভাৱনা…

0 85

বেছিভাগ মানুহেই গৰমৰ দিনত কেঁচা পিঁয়াজ খায়। কিন্তু আপুনি জানেনে যে গ্ৰীষ্মকালত কেঁচা পিঁয়াজ খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। গৰমৰ দিনত বেছিকৈ কেঁচা পিয়াজ খালে আপোনাৰ স্বাস্থ্যৰ কি কি ক্ষতি হব পাৰে জানক এই বিষয়ে-

গ্ৰীষ্মকালত বেছিকৈ কেঁচা পিঁয়াজ খালে আপোনাৰ অন্ত্ৰৰ(Intestine)ক্ষতি হ’ব পাৰে। কেঁচা পিঁয়াজে আপোনাৰ শৰীৰত Salmonella নামৰ বেক্টেৰিয়াৰ সমস্যাৰ সৃষ্টি কৰে। যিটো আপোনাৰ শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। সেইবাবেই আমি কেঁচা পিঁয়াজ কম পৰিমাণে সেৱন কৰা উচিত।

এচিডিটি

কেঁচা পিঁয়াজত গ্লুক’জ আৰু ফ্ৰুক্ট’জৰ পৰিমাণ অতি বেছি। এনে পৰিস্থিতিত ই এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেইবাবেই কেঁচা পিঁয়াজ অত্যধিক সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

কোষ্ঠকাঠিন্যৰ সমস্যা
অতিৰিক্তভাৱে পিঁয়াজ সেৱন কৰিলে পেটৰ বিষ আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে। গতিকে আমি ইয়াক অতিৰিক্তভাৱে সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। খাদ্য খোৱাৰ ফলত পেটৰ বিষ, কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হয়। সেইবাবেই কেঁচা পিঁয়াজ সীমিত পৰিমাণতহে সেৱন কৰিব লাগে।

Leave A Reply