Breaking

দৈনন্দিন বাৰ্তাৰ সাংবাদিক গৌতম কুমাৰ কাকতিলৈ জাফাৰ এচিভাৰ্ছ এৱাৰ্ড

0 183

ৰাজ্যৰ সংবাদকৰ্মী সকলৰ অগ্ৰনী সংগঠন জাৰ্ণেলিষ্ট এছ’চিয়েছন ফৰ আসাম চমুকৈ জাফাই আজি বিভিন্ন শিতানত মুঠ ২৭ গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰে৷আজি দিছপুৰৰ অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত এই বটাসমুহ প্ৰদান কৰা হয়৷

জাফা এচিভাৰ্ছ এৱাৰ্ড অসমৰ বৈদ্যুতিক আৰু ছপা মাধ্যমৰ মুঠ ২৭ গৰাকী ন-পুৰনি সাংবাদিকক প্ৰদান কৰা হয়।উল্লেখ্য যে দৈনন্দিন বাৰ্তাৰ মৰিগাঁৱৰ সাংবাদিক গৌতম কুমাৰ কাকতিকো এই বটা প্ৰদান কৰা হয়। বটা প্ৰাপক সকলক গামোচা, স্মাৰক, চেলেং চাদৰ আৰু ফুলৰ ঠোপা প্ৰদান কৰা হয়৷

অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জেষ্ঠ সাংবাদিক নৰেন হাজৰিকা, বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্তা, জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকাকে প্ৰমুখ্যে কৰি আন বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে৷

Leave A Reply