Breaking

ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, দ্য আছাম ৰাইজিং, আলোকপ্ৰভঞ্জন আৰু মোবাইলে মোবাইলে ডি বি নিউজ সংকল্প যাত্ৰাত দৰং জিলাৰ শিলবৰীৰত জনোৱা হ’ল সম্বৰ্ধনা…

0 35

দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ চৈধ্য বছৰ গৌৰৱ উজ্জ্বল সফল যাত্ৰাৰ লগত সংগতি ৰাখি ঘৰে ঘৰে দৈনন্দিন বাৰ্তা,ঘৰে ঘৰে দা আসাম ৰাইজিং,ঘৰে আলোকপ্ৰভঞ্জন আৰু মোবাইলে মোবাইলে ডি.বি.নিউজ এই সংকল্প যাত্ৰা অভিযানত দৰং জিলাৰ শিলবৰীৰতো জনোৱা হয় সম্বৰ্ধনা। সভাপতি ইডোকেয়াৰ ফাউণ্ডেশ্যন,সভাপতি,প্ৰাক্তন আমছু ওদালগুৰি জিলা সমিতি,যুৱ লেখক,তথা বৰ্তমানৰ শিক্ষক মুছাব্বিৰুল হকক দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ পৰা এখনি মানপত্ৰ, এখনি ফুলাম গামোচা,দৈনন্দিন বাৰ্তা, The Assam Rising আৰু আলোকপ্ৰভঞ্জন ৰ একো একোটা কাকত দি সম্বৰ্ধনা জনোৱা হয়।মুছাব্বিৰুল হক এজন উদীয়মান যুৱ সমাজ কৰ্মী।দৰং–ওদালগুৰি জিলাত প্ৰায় সকলোৰে পৰিচিত ত্ৰিশোৰ্ধ্বৰ যুৱক।সৰুৰে পৰা সমাজৰ হৈ কাম কৰি থকা দেখা যায়।কলেজীয়া শিক্ষাৰ সমান্তৰাল কৈ ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ ওদালগুৰি আমছু জিলা সমিতি সভাপতিৰ পদত অধিষ্ঠিত হৈ ৰাজহুৱা বিভিন্ন বিষয় সন্দৰ্ভত নিজকে একাত্ম কৰি তুলিছিল।

২০১২ চনত শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিত সোমাই পৰিছে যদিও ৰাজহুৱা কাম–কাজৰ পৰা নিজকে আঁতৰাই অনা নাছিল।নিয়মিত ভাৱে বিভিন্ন কাকত–পত্ৰিকা আৰু সামাজিক মাধ্যমত সাম্প্ৰতিক বিষয় বোৰৰ ওপৰত লিখা–মেলা কৰি আহি বৃহত্তৰ অঞ্চল খনত যুৱ লেখক হিচাপে ও জনপ্ৰিয়তা অৰ্জন কৰিছে।নিজে শিক্ষকতা কৰিও আন কেইবাটাও ব্যক্তিগত বিদ্যালয়ৰ সৈতে জড়িত হৈ মানৱ সেৱা আগবঢ়াই আহিছে।মোছাব্বিৰুল হকৰ আটাইতকৈ পছন্দনীয় কামটো হৈছে দৰং জিলাৰ গৰুখুঁটি–ধলপুৰৰ উচ্ছেদিত প্ৰায় ১৮০ জন শিশুৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰি দিয়ে ইডোকেয়াৰ ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী অনুষ্ঠানৰ জৰিয়তে।তেওঁৰ নেতৃত্বত এক ব্যক্তিগত বিদ্যালয় গঢ় লৈ উঠিছে য’ত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণী লৈকে অসমীয়া মাধ্যমত এই উচ্ছেদিত শিশু সকল কোনো মাছুল নিদিয়া কৈ পঢ়ি আছে।সংখ্যালঘু সমাজ ব্যৱস্থাত গঢ় লৈ উঠা বিভিন্ন কু–সংস্কাৰ,অপকৰ্মৰ বিৰুদ্ধে সৰৱ ভূমিকা লোৱা যুৱক জন যথেষ্ট পৰিমাণে প্ৰগতিশীল আৰু সাম্প্ৰদায়িকতাৰ উৰ্ধ্বত অৱস্থান কৰিবলৈ সক্ষম হৈছে।

Leave A Reply