Breaking

বকোত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

0 42

বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক সোমবাৰে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ‘দৈনন্দিন বাৰ্তা’, ‘আলোকপ্ৰভোঞ্জন উৱেলফেয়াৰ চোছাইটি’ আৰু ‘দ্য আসাম ৰাইজিং’ কাকতৰ ১৪ বছৰীয়া গৌৰৱোজ্জ্বল ক্ষণত কাকত গোষ্ঠীটোক চিৰঞ্জীৱী কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা হৈছে।

এই উপলক্ষে সংবাদ গোষ্ঠীটোৰ ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে আলোকপ্ৰভোঞ্জন’ ‘ঘৰে ঘৰে দ্য আসাম ৰাইজিং’ আৰু ‘মোবাইলে মোবাইলে ডিবি নিউজ’ কাৰ্যসূচীৰ অংশ হিচাপে সমাজৰ বিভিন্ন পৰ্যায়ৰ একাংশ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস চলায়। কাকত গোষ্ঠীৰ এই প্ৰয়াসৰ মাজতে সোমবাৰে কামৰূপ জিলাৰ বকো থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক দৈনন্দিন কাকতৰ বকোৰ সাংবাদিক ডেভিদ বৰুৱাৰ তৎপৰতাত সম্বৰ্ধনা জনায়।

সভাত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক জাপি, গামোচা, মানপত্ৰ আৰু তিনিওখন বাতৰি কাকতেৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি আৰক্ষী বিষয়া গৰাকীয়ে কাকত গোষ্ঠীটোক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন লগতে কাকত গোষ্ঠীটো চিৰঞ্জীৱী হোৱাৰ কামনা কৰে।

তদুপৰি তেও কয় যে এনে সম্বৰ্ধনাই আগন্তক দিনত সাংবাদিকতা বৃত্তিৰে সমাজৰ সেৱা কৰাৰ ক্ষেত্ৰত আৰু অধিক নিষ্ঠা, সততা দায়িত্ববোধৰ বিষয়ে সচেতন হোৱাৰ অনুপ্ৰেৰণা যোগাব।

-ডেভিদ, বকো

Leave A Reply