পঞ্চতীৰ্থ খ্যাত উত্তৰ গুৱাহাটীৰ ভূমিত দৈনন্দিন বাৰ্তা গোষ্ঠী আৰু আলোক প্ৰবঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ লগতে জণকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত ৭৭ সংখ্যক গণৰাজ্য দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ লগতে প্ৰীতিভোজৰো আয়োজন কৰা হয়। এই কাৰ্যসূচীত দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰী শংকৰ গোহাঞ আৰু জণকল্যাণ বাৰ্তা কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰী কুমুদ নাথৰ সঞ্চালনাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক সাংবাদিক সকলৰ লগত এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই মত বিনিময় অনুষ্ঠানৰ আঁতধৰে জণকল্যাণ বাৰ্তা কাকতৰ অবৈতনিক সাংবাদিক দ্বিপকান্ত পাঠকে। অনুষ্ঠানত উপস্থিত থকা অসম ৰাইজিং কাকতৰ পৰিচালন সঞ্চালক জেষ্ঠ্য সাংবাদিক দ্বিপজ্যোতি লহকৰে বক্তব্য প্ৰদান কৰি উল্লেখ কৰে দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক শংকৰ গোহাঞি এগৰাকী অতি স্বভাৱসুলভ ব্যক্তি। অসমৰ বহু কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰীয়ে সাংবাদিক সকলৰ সুবিধা অসুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হয় কিন্তু এই ক্ষেত্ৰত শংকৰ গোহাঞি গ্ৰহণযোগ্যতা অপৰিসীম। তেওঁ দৈনন্দিন বাৰ্তা কাকতত সেৱা আগবঢ়োৱা গাওঁ চহৰৰ প্ৰতিজন সাংবাদিকৰ সুখ দুখৰ সমভাগী হৈ থাকে। লগতে তেওঁ উল্লেখ কৰে জণকল্যাণ বাৰ্তা কাকতৰ সম্পাদক কুমুদ নাথ এগৰাকী সাংস্কৃতিক কৰ্মী হৈ এখন কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি গাঁও চহৰৰ বিভিন্ন সমস্যা সমূহ ৰাইজৰ মাজলৈ লৈ অনাত সফল ভাৱে সেৱা আগবঢ়ায় আছে।

এই অনুষ্ঠানত সম্পাদক শংকৰ গোহাঞিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা প্ৰতিজন সাংবাদিকক ডায়েৰী আৰু কেলেণ্ডাৰ প্ৰদান কৰি সন্মান প্ৰদান কৰি বক্তব্যত উল্লেখ কৰে যে সাংবাদিক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈয়ো নিজৰ দায়িত্ব পালন কৰি আছে।এই ক্ষেত্ৰত সাংবাদিক সকল বহু ক্ষেত্ৰত বঞ্চিত হৈ থাকিব লগা হয়। সাংবাদিক সকলে বিশেষকৈ চিকিৎসাজনিত ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হয়। সেয়েহে আজিৰ এই অনুষ্ঠানতেই সম্পাদক গোহাঞিয়ে দৈনন্দিন বাৰ্তা কাকতৰ লগত জড়িত প্ৰতিজন সাংবাদিকৰ লগতে পৰিয়াললৈ এক আচনি ঘোষণা কৰে।এই আচঁনিৰ জৰিয়তে সাংবাদিক গৰাকীৰ লগতে পৰিয়ালে চিকিৎসাজনিত সহায় লাভ কৰিব। উত্তৰ গুৱাহাটীৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত কণমানি শিল্পী কীত শৰণীয়াৰ সংগীত পৰিবেশনে সকলোকে আপ্লুত কৰে। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীৰ শিল্পী প্ৰবাস বুঢ়াগোহাঁই, দৈনিক অসম কাকতৰ উত্তৰ গুৱাহাটীৰ সাংবাদিক ৰূপক ডেকাও উপস্থিত থাকি সংগীত পৰিবেশন কৰি অনুষ্ঠান অধিক জীপাল কৰি তোলে।
দৈনন্দিন বাৰ্তাৰ সাংবাদিক উৎপল তামুলী আৰু সাংবাদিক দিলিপ নাথে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো সোণত সোৱগা কৰি তোলে। শিশু শিল্পী প্ৰীয়াংশু শীৱমে সুন্দৰ আবৃত্তি পৰিবেশন কৰি উপস্থিত সকলোকে মোহিত কৰে। দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াই সাংবাদিক সকলে যথেষ্ট কষ্ট সহকাৰে সেৱা আগবঢ়ায় এখন কাকতত ৰাইজৰ বাতৰি সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাত যথেষ্ট বৰঙণি আগবঢ়াই। তেওঁ প্ৰতিজন সাংবাদিকৰ শলাগ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালিৰ লগতে সাংবাদিক সকলৰ মাজত আকৰ্ষণীয় ভাগ্য পৰীক্ষাও অনুষ্ঠিত কৰা হয়। ভাগ্য পৰীক্ষা পৰিচালনা কৰে কাকত খনৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াৰ লগতে সাংবাদিক নৱজ্যোতি কলিতা আৰু সুজাতা শৰ্মাই।
ভাগ্য পৰীক্ষাত সফল হোৱা প্ৰতিগৰাকীলৈ বটাঁ প্ৰদান কৰে সম্পাদক শংকৰ গোহাঞি আৰু কুমুদ নাথে। অনুষ্ঠানত উপস্থিত থাকা জণকল্যাণ বাৰ্তাৰ আমিনগাঁওৰ সাংবাদিক ৰিংকু দাস, বিপিন দাস , অতিথি হিচাপে মণ্টু দাস,লিতুলৃ দাসৰ লগতে বহু বিশিষ্ট ব্যক্তিক সম্পাদক গোহাঞিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকে জেষ্ঠ্য সাংবাদিক তথা কাকত খনৰ স্বত্বাধিকাৰী শংকৰ গোহাঞিৰ সহধৰ্মিনী পল্লৱী গোহাঞি।

