মালেইছিয়াত অনুষ্ঠিত বিশ্ব পাঞ্জা চেম্পি়নশ্বিপত চতুৰ্থ স্থান লাভ মিলনপুৰৰ ডেইজী হাজৰিকাৰ

তেজপুৰৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে সু খবৰ । তেজপুৰ মিলনপুৰৰ দেইজী হাজৰিকাই মালেইছিয়াত অনুষ্ঠিত বিশ্ব পাঞ্জা চেম্পি়নশ্বিপত চতুৰ্থ স্থান লাভ কৰে। শোনিতপুৰ জিলা ঐতিয্য মণ্ডিত তেজপুৰৰ মিলনপুৰৰ অসম কন্যা শ্ৰী ডেইজী হাজৰিকাই সুনাম কঢ়িয়াই অনা আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

এক বিশেষ সম্বৰ্ধনা যাচিবলৈ শোনিতপুৰ জিলাৰ তেজপুৰৰ আম আদমি পাৰ্টীৰ শোনিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ সাংগঠনিক তত্বাৱধায়ক ঋষি ৰাজ কৌণ্ডিল্য আৰু তেজপুৰৰ আপৰ গন্য-মান্য ব্যক্তি সকল উপস্থীত হয় আৰু ডেইজী হাজৰীকাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই। লগতে আপৰ ফালৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Articles