ওদালগুৰি জিলাৰ ৬৫ নং কলাইগাওঁ বিধানসভা সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ড গাওঁৰ কেইবাটাও পৰিয়াল ননৈ নদীৰ কৱলত বিধ্বস্ত হ’ব ধৰিছে।দিনক দিনে ক্ৰমান্নয়ে বৃদ্ধিহৈ অহাঁ গৰাখহনীয়াই প্ৰতিবছৰে গাওঁখনৰ এটা দুটা পৰিয়ালক উচ্ছেদ কৰি আহিছে।তেনেকৈ প্ৰতি বছৰে ননৈ নদীৰ গৰাখহনীয়াই ডলাগ্ৰেণ্ড গাওঁৰ প্ৰায় তিনিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ মাটি বাৰী ভাঙি লৈ যোৱাৰ কথা জানিব দিয়ে ভুক্তভোগী ৰাইজে।অতি দুখৰ বিষয় ইমান দিনে ডলাগ্ৰেণ্ড গাওঁৰ এই দুৰৱস্থা বাৰম্বাৰ জনপ্ৰতিনিধিয়ে প্ৰত্যক্ষ কৰাৰ পিছতো কোনো ব্যৱস্থা হাতত লোৱাৰ পৰিলক্ষিত হোৱা নাই। স্থানীয় লোকৰ অভিযোগ কৰা মতে আজিলৈ কনো এজন জনপ্ৰতিনিধিয়ে গাওঁ খনৰ এই দুৰৱস্থাৰ বিষয়ে মাত মাতি অহা নাই।নিৰ্বাচনী আগমহুৰ্তত প্ৰাৰ্থী সকলে দিয়া বৰ বৰ ভাষণ বাৰম্বাৰ শুনি অহাঁৰ কথা প্ৰকাশ কৰিছে ৰাইজে,যাক লৈ এতিয়া অঞ্চল বাসী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। সমষ্টিতোৰ বিধায়ক দুৰ্গা দাস বড়ো লগতে বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োক ভুক্তভুগি ৰাইজে গৰাখহনীয়া ৰোধ কৰিবলৈ তৎকালীন ব্যৱস্থা কৰিবলৈ দাবী জনায়।

