দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলিমঘোপা গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি গড়কাপ্তানি বিভাগৰ অৱসৰী শাখা সহায়ক আফজল হুছেইন (৭১)ৰ আজি পুৱা ৫-১৫ বজাত মৃত্যু হয়৷ তেখেত যোৱা কেইবাদিন ধৰি অসুস্থ অৱস্থাত আছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সহিতে দুজন পুত্ৰ, এগৰাকী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেতৰ জানাজা নামাজ আজি বিয়লি ২-০০ বজাত সম্পন্ন কৰা হয়৷ জানাজা নামাজত ইমামতি কৰে মৌলানা আলহাজ ইক্ৰামূল মজিদে৷ জানাজাৰ পিছত দোৱা সম্পন্ন কৰে আলা হজৰত একাডেমি, মঙলদৈৰ প্ৰধানশিক্ষক মৌলানা আব্দুল হক ৰেজৱীয়ে৷ জানাজাত মঙলদৈ সাহিত্যনগৰ জামে মছজিদৰ পেচ ইমাম মৌলানা আব্দুচ চাত্তাৰ নূৰী, নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ শিক্ষক মুফতী তাজনুৰ আলী ক্বাদিৰী, বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী উপস্থিত থাকে৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন, অসম, মুছলিমঘোপা বৰ মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷