৩১ গৰাকী শিল্পীলৈ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সন্মান…

দৰঙীয়া সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৩১গৰাকী বিশিষ্ট শিল্পীপ্ৰাণলৈ আজি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই ৰাজহুৱাভাৱে আগবঢ়ায় বিশেষ সন্মান । দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ প্ৰেক্ষাগৃত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে বন্ত প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া উপস্থিত থাকি ৩৫০ গৰাকী দৰঙী লোকশিল্পীক ভাৰত চৰকাৰৰ হৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে ।

সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই আতধৰা সন্মান প্ৰদান অনুষ্ঠানটিত সংগীত নাটক একাডেমী অমৃত বটা প্ৰাপক ধৰ্মেশ্বৰ নাথ ওজা, বিষ্ণুৰাভা বটা প্ৰাপক দ্ৰোৰ্ন ভূঞা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, সমাজকৰ্মী কুলদীপ বৰুৱাসহ শিল্পী পেঞ্চন প্ৰাপক ৬ গৰাকী লোকশিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই পৰিচালনা কৰা তথা দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই স্মৃতি তৰ্পন কৰা অনুষ্ঠানটিত সংগীত নাটক একাডেমীৰ সঞ্চালক ডo অৰূপ বৰদলৈ , গুৱাহাটী শিল্পগ্ৰামৰ বিষয়া তথা উপ সঞ্চালক ভি, ফেচাও অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটিত সাংসদ দিলীপ শইকীয়াই অবিভক্ত জিলাখনৰ প্ৰতিটো সাংস্কৃতিক সংগঠন দৰঙী কলাকৃষ্টি উনয়ন সংঘত সহযোগিতা আগবঢ়াই সাংস্কৃতিক সংগ্ৰামত চামিল হবলৈ সকলোকে আহব্বান জনায় । বৰঢুলীয়া, ঢেপাঢুলীয়া, কালী আৰু ব্যাস সংগীত পৰিৱেশন কৰা জনাকীৰ্ত্তন অনুষ্ঠানটিত ক্ৰমে ডা: নৰেশ্বৰ শৰ্মা। যাদৱ চন্দ্ৰ মহন্ত হবিবৰ ৰহমান, তৰুন আজাদ ডেকা, ভানু ডেকা চহৰীয়া, মহেন্দ্ৰ শৰ্মা, ভূষণ বৰদলৈ, ভৱেন বৰ্মন, বলোৰাম বৈশ্য আৰু ননী কুমাৰ শইকীয়াক দৰং জেউতী আৰু ১০ গৰাকী লোকশিল্পীক ” পাৰংগত ” উপাধী প্ৰদান কৰা হয়।


ছিপাঝাৰৰ পৰা ৰেজেক আহমেদৰ প্ৰতিবেদন

Related Articles