দৰং জিলাৰ শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীত(Darrang News)মুছলিম ছাত্ৰ সন্থা অসমৰ শিলবৰী আঞ্চলিক সমিতি আৰু শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ সহযোগত শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। সভাত সভাপতিত্ব কৰে ২নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন চৰকাৰ। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দেশপ্ৰেমমূলক আৰম্ভণি গীতেৰে আৰম্ভ হয় দিনৰ কাৰ্যসূচী। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিলবৰী মুছলিম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ সভাপতি আকিব জামান ছিদ্দিকে। সভাত উপস্থিত থকা সকলোকে এখনি ফুলাম গামোচা আৰু ফুলৰ থোপাৰে চিনাকি কৰাই দিয়ে মহিবুল ইছলামে।
আৰম্ভ হয় মুকলি সভা প্ৰদান কৰে মূল্যবান ভাষন।ভাষন প্ৰসঙ্গত সকলোৱে শিক্ষাৰ গুৰুত্ব, বৰ্তমান সমাজত শিক্ষাৰ গুৰুত্ব কি? আৰু শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ শিক্ষা ব্যৱস্থা অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰী সকলৰ ত্যাগ আৰু কষ্টৰ ফল আজিৰ ফলাফল। বহু বছৰ ধৰি ভেঞ্চাৰ কলা শাখাত পাঠ দান দিয়া শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ খনৰ প্ৰশংসাত পঞ্চমুখ হয় সভাত উপস্থিত থকা সকলো গৰাকী মান্য গন্য ব্যক্তিয়ে। অৱশেষত বিগত বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উৰ্ত্তীণ হৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। এই গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকে শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ জাকিৰ হুছেইন,৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সূৰুয আলী,মুছলিম ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্বিক ৰাব্বানী, কাৰ্যকৰী সভাপতি আবুল বাদশা, সাধাৰণ সম্পাদক (প্ৰশাসনিক)ৰফিকুল ইছলাম, সাধাৰণ সম্পাদক জহিৰুল খলিফা,দৰং জিলাৰ প্ৰাক্তন সভাপতি মহিবুল ইছলাম,প্ৰচাৰ সম্পাদক ৰাব্বল ইছলাম। শিলবৰী আঞ্চলিক সমিতিৰ আকতাৰ হুছেইন,আনাৰুল হক,ওবাইদুৰ ৰহমান, আনাৰুল ইছলাম,শুকুৰ আলী, আবুল হুছেইন, নিউজনাৱৰ সাংবাদিক ফাৰুক মণ্ডল,ভয়চ অফ দৰঙৰ সাংবাদিক আনোৱাৰ হুছেইন,ছেডো নিউজ ছেভেনৰ সাংবাদিক স্বপন দাস আদি কৰি বিভিন্ন জিলাৰ মুছলিম ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা, স্থানীয় অধিবক্তা জহিৰুল ইছলাম, বৃহত্তৰ শিলবৰী অঞ্চলৰ প্ৰায় দুই শতাধিক কৃতী ছাত্ৰ-ছাত্ৰী বিশিষ্ট মান্য গন্য ব্যক্তি।