দৰঙৰ ধূলাত প্ৰতি বছৰৰ দৰে এইবাৰো পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধূলাৰ মাজ মজিয়াত শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। ধূলাৰ শ্বহীদ বেদীত মালা অৰ্পণ কৰি শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে।(Darrang News) দেশ আৰু জাতিৰ হকে আত্ম বলিদান দিয়া বৃহত্তৰ ধূলা অঞ্চলৰ ২১ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠান খনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি খনিন্দ্ৰ ৰাজবংশী।
ভাষণৰ প্ৰসংগত উপ সভাপতি গৰাকীয়ে শ্বহীদক স্মৰণ কৰি অসম চুক্তি ৰ সম্পৰ্কেও বক্তব্য প্ৰদান কৰে। আনহাতে সভাত উপস্থিত থকা ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুল হাজৰিকাই বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উদ্যোক্তা সকলে সাংস্কৃতিক অনুষ্ঠানৰ বাবে নামতি দল এটাক আমন্ত্ৰণ জনায়। দীৰ্ঘ সময় ধৰি নাম প্রদর্শন কৰে নামতি সকলে। শ্বহীদ পৰিয়ালৰ আত্মীয়ই শ্বহীদ বেদিত ফুল, ধূপ-ধুনা আদিৰে শ্বহীদ সকলক সন্মান প্ৰদৰ্শন কৰে।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে আছুৰ উপ সভাপতি খনিন্দ্ৰ ৰাজবংশী, ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুল হাজৰিকা, প্ৰসানিক বিষয়া কৃষ্ণ কান্ত নাথ, অৱসৰী শিক্ষক হৰেন ডেকা, উত্তৰ-পূব আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পাৰ্থ প্ৰতিম তালুকদাৰ, ত্ৰিদীপ ডেকাৰ লগতে আছু ৰ বিভিন্ন পৰ্যায়ৰ ছাত্ৰ নেতা সকল সহ শ্বহীদ পৰিয়ালৰ আত্মীয় তথা স্থানীয় ৰাইজ। আনহাতে উক্ত কাৰ্যসূচীৰ আয়োজন কৰে উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰপ্ৰাপ্ত সভাপতি বিশাল ৰঞ্জন নাথ, সাধাৰণ সম্পাদক মুকেশ ডেকাৰ লগতে আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকলে।

