Darrang News: অসমৰ এগৰাকী সংস্কৃত পণ্ডিত, সুবক্তা, দৰংৰত্ন মতিদেৱ শাস্ত্ৰীৰ মৃত্যুত শোকৰ ছাঁ

অসমৰ (Darrang News) এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, অৰ্ধশতাধিক গ্ৰন্থ প্ৰণেতা, সুবক্তা, দৰংৰত্ন মঙলদৈৰ মতিদেৱ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ খবৰে গুণমুগ্ধ সকলক শোকৰ সাগৰত পেলাই। বুধবাৰে ৰাতি ৭ মান বজাত শাস্ত্ৰীৰ গা বেয়া লগাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাথমিক চিকিৎসা কৰাৰ পিছতে ৮-৩৫ বজাত শাস্ত্ৰীয়ে ইহলীলা সম্বৰণ কৰে।

মৃত্যুৰ সময়ত মতিদেৱ শাস্ত্ৰী বয়স আছিল ৯৩ বছৰ। কোনোদিনে কোনো গুৰুতৰ ৰোগ নোহোৱা শাস্ত্ৰীৰ মৃত্যুত জিলা খনৰ লগতে ৰাজ্যখনৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে। প্ৰয়াত মতিদেৱ শাস্ত্ৰী আছিল এখন অভিধান সদৃশ ব্যক্তি । মৃত্যুৰ এদিন আগলৈকে শাস্ত্ৰীয়ে খোজ কাঢ়ি বজাৰ সমাৰ কৰিছিল।

Related Articles