Breaking

টংলাত দৰ্শন মনি আন্ত:ক্লাৱ ফুটবল লীগ চেম্পিয়নশ্বিপৰ সামৰণি

0 50

ওদালগুৰি জিলাৰ অন্যতম ক্ৰীড়া সন্থা টংলা ক্ৰীড়া সন্থাৰ উদ্যোগত টংলা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা দৰ্শন মনি আন্ত:ক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে সামৰণি পৰা টংলা ক্ৰীড়া সন্থা বনাম বটাকুছি এফ চিৰ মাজৰ চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ বড়োৱে।

তীব্র উত্তেজনাপূৰ্ণ খেলখন সমাপ্তিলৈকে গ’ল শূণ্যভাৱে ড্ৰ’ হোৱাত টংলা ক্ৰীড়া সন্থাই ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত বটাকুছি এফ চিক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰি ৰাষ্ট্ৰীয় খেলুৱৈ দৰ্শন বড়ো সোঁৱৰণি চেম্পিয়ন ট্ৰফী লাভ কৰে।

আনহাতে ৰাণাৰ্ছআপ দল বটাকুছি এফ চিয়ে সুদক্ষ খেলুৱৈ মণি বড়ো সোঁৱৰণি ট্ৰফী লাভ কৰে।শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰা টংলা ক্ৰীড়া সন্থা ফুটবল দলৰ গলকীপাৰ বিগ্ৰায় বড়োক নৱীন চন্দ্ৰ ডেকা সোঁৱৰণি ট্ৰফী পৰিয়ালৰ হৈ প্ৰদান কৰে চাৰু ডেকায়।খেলখন পৰিচালনা কৰে বিকাশ শৰণীয়াই আৰু তেখেতক সহায় কৰে গণেশ বসুমতাৰী ,বিনন্দ ৰাভা আৰু নিশা দৈমাৰীয়ে।

বিজয়ী দলক টংলা এৱছু’ৰ সভাপতি ৰাজীৱ বড়ো আৰু ৰাণাৰ্ছআপ দলক টংলা মহাবিদ্যালয়ৰ অধ্যাপক সোমেশ্বৰ বড়োই ট্ৰফী প্ৰদান কৰে।

টংলা ক্ৰীড়া সন্থাৰ সভাপতি খৰ্গেশ্বৰ বড়াই সভাপতিত্ব কৰা বঁটা বিতৰণী সভাত উপদেষ্টা ধৰ্ম ৰামচিয়াৰী, দীলিপ বৰ্মন, আন্তৰ্জাতিক কাবাদী ৰেফাৰী নমল ৰাভা ,বহুতো প্ৰাক্তন খেলুৱৈ, দাতাৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্ৰ ৰাভাই আঁত ধৰা আৰু ফুটবল বিভাগৰ সম্পাদক মৃদুল নাৰ্জাৰীয়ে শলাগৰ শৰাই যচা সভাত ৰেফাৰী, সন্মানীয় ব্যক্তিক ফুলাম আৰণাইৰে সম্ভাষণ জনায়।

Leave A Reply