ক’ভিড আচৰণ বিধিৰে বশিষ্ঠ গংগাৰ বুকুত দশভূজাৰ বিসৰ্জন

ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেবী দুৰ্গাৰ প্ৰতিমূৰ্ত্তি ক’ভিড আচৰণ বিধিৰে চলোৱা যথাৰীতি পূজা অৰ্চনাৰ শেষত দশমীৰ বিয়লি বেলাত অন্তম  বিসৰ্জন দিয়া হয় । নাজিৰা পূজা মন্দিৰ, মিলন মন্দিৰ, ষ্টেচন তিনিআলি, নাজিৰা চাৰি আলি, অসম আৰক্ষী বেটেলিয়নকে  ধৰি মুঠ ৭ খন দুৰ্গা পূজাৰ প্ৰতিমা নাজিৰা নগৰৰ বশিষ্ঠ গংগা খ্যাত দিখৌৰ বিসৰ্জন ঘাটত বিসৰ্জন কৰা হয় । শিমলুগুৰি নগৰত দুই বিসৰ্জন ঘাটত চাৰি প্ৰতিমাৰ বিসৰ্জন ঘটোৱা হয়। . নাজিৰা মহকুমা প্ৰশাসনৰ হৈ মহকুমাধিপতি সব্যসাচী কাশ্যপ, ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ গগৈ, ৰুবী কুমাৰী ৰয়, নাজিৰা, শিমলুগুৰি, গেলেকীৰ সকলো বিসৰ্জন থলী পৰিদৰ্শন কৰি দিনৰ ভাগতে সকলো প্ৰতিমাৰ বিসৰ্জ্জন প্ৰক্ৰিয়া শান্তিপূৰ্ণ সুৰক্ষাৰ মাজেৰে সম্পন্ন কৰায় । নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰীসকল, নাজিৰা আৰক্ষী, নাজিৰা আৰু শিমলুগুৰি পৌৰসভা, অসম ৰাজ্যিক দুৰ্যোগ ব্যস্থাপনা বিভাগ , এছ ডি আৰ এফ, অগ্নি আৰু জৰুৰী সেৱা বিভাগ আদিৰ তৎপৰতাত সুকলমে দশমীৰ দিনা দুৰ্গা পূজাৰ অন্ত পৰে । 

Related Articles