Breaking

ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

0 2,268

ৰঙিয়া নগৰৰ তিনিআলিৰ বাসিন্দা ৰিদিপ কলিতাৰ পত্নী ধৰিত্ৰি কলিতাই গলত চিপলৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ তথ্য অনুসৰি কমলপুৰ সমষ্টিৰ বৰুৱাজানীৰ ধৰিত্ৰী কলিতা নামৰ বোৱাৰীগৰাকী বিয়া হৈছিল ৰঙিয়াৰ তিনিআলিৰ ৰিদীপ কলিতাৰ লগত। ডেৰবছৰ পূৰ্বে বিয়া হোৱা দম্পতী হালৰ এটি চাৰিমহীয়া কণমাণি সন্তান আছে। নিশা স্বামীৰ সৈতে হোৱা মনোমালিন্যৰ পাছতে চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্বাৰ হয় মৃতদেহ, কিন্তু মৃত ধৰিত্ৰী কলিতাৰ পৰিয়ালৰ লোকে ইয়াক সহজভাৱে লব পৰা নাই,আৰু এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি এজাহাৰ দাখিল কৰিছে ৰঙিয়া থানাত । ইতিমধ্যে অভিযুক্ত ৰিদীপ কলিতা সহ পৰিয়ালৰ তিনি জন সদস্যক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এমাহ পূৰ্বেও প্ৰায় এসপ্তাহৰ ভিতৰত তিনি গৰাকীকৈ বোৱাৰীয়ে অনুৰূপ ধৰণে মৃত্যুক আকোৱালি লবলগীয়া হৈছিল।এই ঘটনাই স্বাভাৱিকতে উদ্দিগ্ন কৰি তুলিছে ৰঙিয়াৰ সচেতন মহলক।

Leave A Reply