Breaking

সামৰণি পৰিল বৰপেটাৰ দৌল মহোৎসৱ

0 68

আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰিল সত্ৰ নগৰী বৰপেটা৷

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ছয় মাৰ্চৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া দৌল মহোৎসৱৰ আজি শেষ দিন।

সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ তথা কেৱল ৰং আৰু ৰং।

পুৱতি নিশা ৪-২০ বজাত ভৰদৌলৰ ক্ষণ শেষ হয়।

তাৰ লগে লগে কলীয়া গোসাই মহাপ্ৰভূক দৌলগৃহৰ পৰা নমাই অনা হয়।

ফাকুৱা তথা হোলী পালনৰ মাজতে বিয়লি গোসাইক বৰপেটা সত্ৰৰ পৰা গণকুছিৰ কলবাৰী সত্ৰলৈ হেকতা খুৱাবলৈ নিয়া হয়।

কলবাৰী সত্ৰৰ পৰা পুনৰ গোসাইক বৰপেটা সত্ৰলৈ ঘুৰাই অনাৰ পাছত সত্ৰৰ দালানত বাহ ভঙা পৰ্ব অনুষ্ঠিত হয়।

গোসাইৰ ভক্তসকলে বাহ ভঙিৰ পাছত পুনৰ গোসাইক সত্ৰৰ মূল উপাসনা স্থানত অধিস্থিত কৰা হয়।

Leave A Reply