Breaking

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ

0 82

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ ৷সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে আৰম্ভ কৰিছে দৌল মহোৎসৱৰ প্ৰস্তুতি ৷

অহা ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হব সুৱেৰী বা ফাকুৱা ৷


সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷ সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমুহে দৌল মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰৰ দৌল মহোৎসৱ বা আন তিথি, অনুষ্ঠান আদি পালনৰ ক্ষেত্ৰত যথাবিধি বংশানুক্ৰমে বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে দায়িত্ব পালন কৰি আহিছে ৷ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি সেইমতে সত্ৰৰ বংশৰাসকলেও দৌল মহোৎসৱৰ প্ৰস্তুতি চলাই আছে ৷ উল্লেখ্য যে, এইবেলি চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱক লৈ বৰপেটা সত্ৰ সমিতিয়েও ব্যাপক প্ৰস্তুতি চলাই আছে ৷

Leave A Reply