অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ এখন দিনজোৰা পৰ্যালোচনা সভা বৃহস্পতিবাৰে গুৱাহাটী খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
এই সভাখন অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই উদ্বোধনী ভাষন প্ৰদান কৰি কয় যে, ‘ৰাজ্যখনৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ ক্ষেত্ৰত দ্ৰুত উদ্যোগীকৰণে প্ৰধান ভূমিকা পালন কৰে’। কোনো এটা অঞ্চল সম্পদশালী বুলি ক’বলৈ হ’লে উদ্যোগীকৰণ হ’বই লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে লগতে ইয়াকো কয় যে অসমৰ উদ্যোগিক বিকাশ আৰু উত্তৰণত নতুন গতি প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু উদ্যোগিক আন্তঃ গাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো দৃঢ়প্ৰতিজ্ঞ।

মন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত আমাৰ ৰাজ্যখনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এচ এম ই) সমূহে প্ৰধান ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ( ডি আই চি চি) সমূহে মূখ্য দায়িত্ব আছে বুলিও মন্তব্য কৰে। এম এচ এম ই উদ্যোগ স্থাপন বাবে উঠি অহা যুৱ-প্ৰজন্মক বৃত্তিমূখী কৰাৰ ক্ষেত্ৰত ডি আই চি চি ৰ মহাপ্ৰবন্ধক সকলে নিজ নিজ জিলা সমুহত সক্রিয় ভূমিকা পালন কৰিব লাগে বুলিও তেওঁ ব্যক্ত কৰে।
এম এছ এম ই ৰ বাবে নতুন উদ্যোগীসকলক উৎসাহিত কৰিবলৈ ডি আই চি চি ৰ মহাপ্ৰবন্ধক সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে, তদুপৰি মন্ত্ৰী গৰাকীয়ে উদ্যোগ বিভাগৰ দ্বাৰা কেইমাহমান পূৱে অনুষ্ঠিত “উদ্যম -২০২৩” শীৰ্ষক কাৰ্যসূচীৰ ফলাফলৰ সৰ্ন্দভত ডি আই চি চিৰ মহাপ্ৰবন্ধক সকলৰ সৈতে পৰ্যালোচনা কৰে আৰু প্ৰবন্ধক সকলৰ পৰা মতামত বিচাৰে।

সভাত মন্ত্ৰী বড়াই প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী(পি ম ই জি পি) , প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশাধন উদ্যোগ আনুষ্ঠানিকীকৰণ আঁচনি (পি এম এফ এম ই) ৰ লগতে অন্যান্য আঁচনি সমূহৰ কাৰ্যকৰীকৰণ ৰ সন্দৰ্ভতো বিষয়া সকলৰ সৈতে পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “ভ’কেল ফৰ ল’কেল” ধ্বনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ সকলোৰে সক্ৰিয় সহযোগ মন্ত্ৰী বড়াই কামনা কৰে।

সভাত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব আদিল খান , আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং,অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক মানবেন্দ্র প্রতাপ সিং, অসম ঔদ্যোগিক আন্তঃগাথঁনি উন্নয়ন নিগমৰ সঞ্চালক চিন্ময় ফুকনৰ লগতে বিভাগৰ বিভিন্ন উচ্চ পদস্থ বিষয়া আৰু জিলা পৰ্যায়ৰ বিষয়া সকল উপস্থিত আছিল।

উল্লেখযোগ্য যে অসম চৰকাৰে উদ্যোগ খণ্ডটোক নতুন গতি প্ৰদান কৰিবলৈ ইতিমধ্যে ৰাজ্যত মেগা ইণ্ডাষ্ট্রিয়েল প্ৰজেক্ট স্থাপনৰ বাবে ৮,২০০ কোটি টকা বিনিয়োগৰে ৮টা কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । তদুপৰি ২,৯৬৩ কোটি টকা বিনিয়োগেৰে ৫টা কোম্পানীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা ক্ষেত্ৰত বুধবাৰে কেবিনেট বৈঠকে অনুমোদন প্ৰদান কৰিছে।
উক্ত বৈঠকত অসমৰ উদ্যোগ খণ্ডটোৰ উত্তৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

