Breaking

ওদালগুৰি জিলাৰ বিশখুটিত অনুষ্ঠিত হ’ল দিবা-নৈশ ভলিবল খেল…

0 37

ওদালগুৰি জিলাৰ বিশখুটিত যুৱ সমাজৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হল দিবা-নৈশ ভলিবল খেলৰ চুৰান্ত খেল। আৰাম্ভনিতে বৃহত্তৰ বিশখুটি অঞ্চলৰ খেল প্ৰিয় মান্য গন্য ব্যক্তিক জনোৱা হয় এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা। পৰবৰ্তী ৰঙা ফিটা কাটি খেল পথাৰৰ দ্বাৰ মুকলি কৰে BTR ৰ EM নীলুৎ স্বৰ্গীয়াৰী আৰু খেলুৱৈ সকল অভিবাদন জনাই খেল খনৰ আৰাম্ভ কৰে। বিশখুটিত অনুষ্ঠিত দিবা-নৈশ ভলিবল খেলৰ চুৰান্ত খেলত ১০/১২ খনে দলে অংশগ্ৰহণ কৰে। প্ৰতিখনৰ দলৰ মাজত এক উত্তেজনা পূৰ্ণ খেল অনুষ্ঠিত হয়। অৱশেষত বেছিমাৰী ভলিবল দলে বিজয়ী খিতাপ অৰ্জন কৰে আৰু ১৩০০১ টকাৰ লগতে এখন ট্ৰফি লাভ কৰে আৰু দ্বিতীয় বিজয়ী দল হিচাপে পৰিগণিত হয় ওৰাং ভলিবল দল আৰু লাভ কৰে ৭০০১ টকাৰ লগতে এখন ট্ৰফি।

খেল খনত উপস্থিত থাকি BTR ৰ EM নীলুত স্বৰ্গীয়াৰীয়ে কয় যে আমি লিখা পঢ়াৰ লগতে শাৰীৰিক মানসিক বাবে সুস্থ ৰখাৰ বাবে খেল খেলা টো অতি কৈ প্ৰয়োজন। বৰ্তমান BTRৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে খেলৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে আৰু এনেকোৱা খেল অনুষ্ঠিত কৰাৰ বাবে বিশখুটি যুৱ সমাজক ধন্যবাদ জনায় লগতে উক্ত খেলখনত উপস্থিত থাকে কছাৰীচন VCDC ৰ সভাপতি তনেশ্বৰ বড়ো, UPPL দলৰ কছাৰীচন VCDC ৰ প্ৰাইমাৰী সভাপতি ধীৰেন বসুমতাৰী, শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুৰ ৰহমান,লেণ্ড এডভাইজাৰী বোৰ্ডৰ সদস্য ৰতন দৈমাৰী, UPPL সংখ্যালঘু সমিতিৰ সভাপতি মাইনুল হক, প্ৰধান শিক্ষক আতাবুৰ ৰহমান,UPPLৰ ওৱাৰ্ড সদস্য ভবানী তালুকদাৰ, UPPL ওৱাৰ্ড সদস্য মইফুল খান,UPPL ওৱাৰ্ড সদস্য বদেশ্বৰ বড়ো, ৰৌতা UPPL দলৰ ব্লক ছেক্ৰেটেৰী হৰেন বসুমতাৰী,চেঙেলী মৰা লুইত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বাবুল ইছলাম,পাচঁআলী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ গোলাম মস্তোফা,খেল পৰিচালনা সমিতিৰ ৰাহুল আমিন, আশ্বাদুল হক,মোজাম্মিল হক, মেহমুদ আলী,আজাহাৰ উদ্দিন,ছাদ্দাম হুছেইন,কুতুব উদ্দিন,ছেকান্দৰ আলী,ফজৰ আলী,আবজাৰুল হুছেইন,ৰাব্বুল ইছলাম আদি কৰি বৃহত্তৰ বিশখুটি অঞ্চলৰ মান্য গন্য ব্যক্তি আৰু পাচঁ শতাধিক ৰাইজ।

Leave A Reply