ডিব্ৰুগড়ৰ ৰমাই চাহ বাগিছাত উতপ্ত পৰিস্থিতি। কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু হোৱা ভীম ভূঞা নামৰ এজন শ্ৰমিকৰ মৃতদেহ এম্বুলেঞ্চত কঢ়িয়াই আনি পথৰ কাষত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ তুলি বাগিচাখনৰ শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষ আৰু চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী।

