বৃহস্পতিবাৰে বিহাৰত আতচবাজি কাৰখানাত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।৭ জন লোকৰ কৰুণ মৃত্যু হৈছে এই ভয়ংকৰ বিস্ফোৰণত। বিহাৰৰ ভাগলপুৰৰ টাটাপুৰৰ এটা ঘৰত সংঘটিত হয় এই ঘটনা।ভাগলপুৰৰ টাটাপুৰৰ এটা পৰিয়ালে বোমা প্ৰস্তুত কৰা কামৰ সৈতে জড়িত থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।এই ঘটনা ফলত ৭ জন লোকৰ মৃত্যু হয়। আনহাতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।টাটাপুৰৰ এটা আৰক্ষী দল উপস্থিত হৈ বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে।

