Breaking

মন্দিয়াত শিক্ষা বিভাগত ভয়ংকৰ দুৰ্নীতি , বিনামূলীয়া ইউনিফৰ্মৰ ধন আত্মসাতৰ কেলেংকাৰী

0 57

সৰৱ বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । ভয়ঙ্কৰ দুৰ্নীতিত জড়িত প্ৰতিজন শিক্ষক ,চৰকাৰী বিষয়াক সংবাদমেলযোগে গ্ৰেপ্তাৰৰ দাবী ।

সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত বিনামূলীয়া ইউনিফৰ্মৰ বাবদ প্ৰতিজন ছাত্ৰ ছাত্ৰীক প্ৰতিবছৰে ৬০০ টকাৰে দুযোৰকৈ ইউনিফৰ্ম যোগান ধৰা হয় । সমান্তৰালকৈ বৰপেটা জিলাতো প্ৰতিখন বিদ্যালয় সমূহত ২০২০-২১শিক্ষা বৰ্ষৰ ইউনিফৰ্মৰ বাবদ অসম চৰকাৰে অনুদান আগবঢ়াইছে কিন্ত একাংশ বিষয়া আৰু বিদ্যালয় পৰিচালনা সমিতি উঠিপৰি লাগিছে দৰিদ্ৰ ছাত্ৰ -ছাত্ৰীৰ ইউনিফৰ্মৰ ধন আত্মসাত কৰিবলৈ,এনে ভয়ঙ্কৰ দুৰ্নীতি পোহৰলৈ পোহৰলৈ আহিছে মন্দিয়া শিক্ষা খণ্ডত ।

ছাত্ৰ -ছাত্ৰীক ইউনিফৰ্মৰ বিতৰণ নকৰাকৈ একাধিক স্কুলৰ ধন আত্মসাতৰ কেলেংকাৰী পোহৰলৈ আহিছে । তাৰে মাজত উল্লেখযোগ্য বিদ্যালয়সমূহ হৈছে- ১৪৮৪ নং বাঘবৰ প্ৰাথমিক বিদ্যালয়,১৮৩৩ ৰামাপৰা গাঁও প্ৰাথমিক বিদ্যালয়,৩১নং বাঘবৰ জনিয়াৰ বেচিক প্ৰাথমিক বিদ্যালয়,১০৬১ নং বালিকুৰী হাজীপাৰা প্ৰাথমিক বিদ্যালয়,১৯১৬নং জাহানাৰ পাৰ ঘোলা প্ৰাথমিক বিদ্যালয় ।যাৰ বাবে গৰজি উঠিছে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৱে মন্দিয়াত এক সংবাদ মেলৰ জৰিয়তে ভয়ংকৰ কেলেংকাৰীত জড়িত প্ৰতিজন শিক্ষক , বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।

তদুপৰি সংগঠনটোৱে কয় যে, আগন্তক সাত দিনৰ ভিতৰত ছাত্ৰ -ছাত্ৰীক উনিফৰ্ম যোগান নধৰিলে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হব । উক্ত সাংবাদমেলত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আলামিন আহমেদ, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সাধাৰন সম্পাদক ৰফিকুল ইছলাম ,কাৰ্য্যকৰী সভাপতি ৰাতুল হুছেইন ৰ লগতে মইনুল হক।

Leave A Reply