Breaking

ফিলিপাইনছত টাইফুনত মৃত্যু ১৬৯

0 1,030

প্ৰকৃতিৰ তাণ্ডৱ চলিল ফিলিপাইনছত ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল ৷ ৰায় নামৰ এই ধুমুহাৰ ফলত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰায় ১৬৯ গৰাকীকৈ লোকে ৷ বিগত সপ্তাহত এই ধুমুহাৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছিল৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এতিয়াও প্ৰায় ৫০ গৰাকী লোক সন্ধানহীন হৈ আছে ৷

ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ’ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷ ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ’ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷ বিপৰীতে কাৰাগাত ১০ গৰাকী, উত্তৰ মিন্দানাও ৭ গৰাকী আৰু জাম্বোয়াংগা অঞ্চলত এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷

দেশখনৰ ৩,০০০ ৰো অধিক অঞ্চলত প্ৰায় ১,৮০,৮০০ ৰো অধিক লোক গৃহহাৰা হৈছে৷ এই স্থানসমূহত বৰ্তমান পৰ্যন্ত বিচ্ছিন্ন হৈ আছে বিদ্যুত সংযোগ ৷ দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু ব্যৱস্থাপনা পৰিষদৰ (NDRRMC) মতে, ১৬ ডিচেম্বৰত ৰায়ে ফিলিপাইনছত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত ৩,৩২,০০০ ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল৷ পৰিষদে বৰ্তমানলৈকে ৩১ গৰাকী লোকৰ মৃত্যুৰ খবৰ লাভ কৰিছে ৷ যাৰ ভিতৰত ৪ গৰাকীৰ এই ৰায় নামৰ ধুমুহাৰ কবলত পৰি মৃত্যু ঘটিছে ৷

Leave A Reply