সমাজ সেৱক গন্ধেশ্বৰ বড়াৰ দেহাৱসান : অঞ্চলজুৰি শোকৰ ছাঁ

চৰাইদেউ জিলাৰ সাপেখাতীৰ  বাসিন্দাগন্ধেশ্বৰ  বড়া আজি পূৱতিনিশা নিজ বাসগৃহত   পৰলোকগামী হোৱাত সমগ্র   অঞ্চলটোতে  শোকৰ ছাঁ পৰিছে ।  ১৯২৪ চনত যোৰহাট টীয়কত জন্ম গ্ৰহণ কৰা প্ৰয়াত  গন্ধেশ্বৰ  বড়া টীয়কৰ   বলমা  হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীণ হৈছিল । তেখেতে ১৯৫১ চনত  ঘোঁৰাজান  চাহ বাগিচাত  কৰ্ম জীৱন আৰম্ভ কৰিছিল । একে কৰ্মস্থলীৰ পৰাই hed tea house হিচাপে ১৯ ৯৫   চনত অৱসৰ গ্ৰহণ কৰে। নিজৰ কৰ্মক সদায় আগস্থান দিয়া অত্যন্ত  অমায়িক ,পৰোপকাৰী ,ধৰ্ম প্রাণ     বড়া এজন সমগ্ৰ  অঞ্চলৰে এজন লেখত লবলগীয়া আদৰ্শৱান ব্যক্তি আছিল। তেখেত  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজীৱন সেৱক আৰু সদস্য হৈ থকাৰ লগতে  সংঘৰ বিভিন্ন  বিষয় বাবত নিয়োজিত হৈ আছিল ।সাপেখাতী বৃহৎ অঞ্চলৰ বহুতো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বাবে  তেখেতে ভূমিদান কৰি  সমাজলৈ প্ৰভুত বৰঙণি  আগবঢ়াই থৈ গৈছে ।প্ৰয়াত  বড়াৰ মৃত্যুৰ বাতৰি পাই  শতাধিক  গুণমুগ্ধই  তেখেতৰ গৃহত গৈ  শেষ শ্ৰদ্ধা জনায় ৷  মৃত্যুৰ সময়ত তেওঁ পত্নী ,জী জোঁৱাই আৰু নাতি নাতিনীৰ লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ গৈছে।

Related Articles