চোৰাংচোৱাগিৰিৰ অপৰাধত অভিযুক্ত ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াৰ মৃত্যুদণ্ড বাতিল কৰিলে কাটাৰে। কাটাৰৰ সংশ্লিষ্ট আদালতে ভাৰত চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মৃত্যুদণ্ড হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পূর্বে অক্টোবৰ মাহত ইজৰাইলৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ভাৰতীয় নৌসেনাৰ প্রাক্তন আঠজন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল নিম্ন আদালতে। শেহতীয়াকৈ ডুবাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কাটাৰৰ আমিৰ শ্বেখ তমিম বিন হামাদৰ মাজত হোৱা বৈঠকৰ কেইসপ্তাহমানৰ পাছত এই কথা প্ৰকাশ পাইছে।
এই ৰায়ৰ বিৰুদ্ধে ভাৰতে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। কাটাৰৰ সংশ্লিষ্ট আদালতে চলিত মাহত ভাৰতৰ এই আৱেদন মানি লৈছে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কাটাৰৰ আদালতে এই অনুৰোধৰ পিছতে মৃত্যুদণ্ড স্থগিত ৰাখিছে। অৱশ্যে মৃত্যুদণ্ড হ্ৰাস কৰিবলৈ কি কৰা হ’ব, সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে আমি এই বিষয়ত কাটাৰৰ আদালতৰ পৰা সম্পূৰ্ণ ৰায়দানৰ বাবে অপেক্ষা কৰি আছো।
কাটাৰত মৃত্যুদণ্ডৰ পৰা ৰক্ষা পোৱা প্ৰাক্তন নৌসেনা বিষয়া কেইজন হ’ল কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ ভাৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু ছিমেন ৰাজেশ। এই আঠজন অৱসৰপ্ৰাপ্ত নৌসেনাৰ বিষয়াই কাটাৰৰ সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহক প্ৰশিক্ষণ আৰু আনুষংগিক সেৱা প্ৰদান কৰা ব্যক্তিগত প্ৰতিষ্ঠান আল ডাহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছত কাম কৰি আহিছিল। তেওঁলোকৰ জামিন আবেদন বহুবাৰ নাকচ কৰাৰ লগতে কাটাৰ কৰ্তৃপক্ষই তেওঁলোকৰ আটকৰ সময় বৃদ্ধি কৰিছিল।

যোৱা বছৰৰ আগষ্ট মাহত কাটাৰৰ চোৰাংচোৱা সংস্থাই গ্ৰেপ্তাৰ কৰিছিল এই আঠজন বিষয়াক। অভিযোগ অনুসৰি, ডোহাত থকা ভাৰতীয় দূতাবাসক তেওঁলোকক গ্ৰেপ্তাৰৰ সঠিক কাৰণৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ এপ্ৰিল মাহত আদালতত আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে আত্মসাৎৰ অভিযোগ উত্থাপন হোৱা বুলি জানিব পৰা গৈছে।
কাটাৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূত, বিষয়া আৰু কাৰাবন্দী নৌসেনাৰ প্ৰাক্তন জোৱানসকলৰ পৰিয়ালৰ সদস্যসকল আপিল আদালতত উপস্থিত আছিল।
অৱশ্যে কি অভিযোগত তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা হৈছিল সেয়া চৰকাৰে প্ৰকাশ কৰা নাই।

