Breaking

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাক হত্যাৰ ভাবুকি।

0 565

দলগাও আৰক্ষী থানাত গোচৰ

এবিএমছুৰ প্ৰাক্তন সভাপতি তথা সংগ্ৰামী নেতা লাফিকুল ইছলামৰ দৰে ঘটনা পুণৰ সংঘটিত হব নেকি ৰাজ্যখনত। জাতিৰ হৈ কৰা সংগ্ৰামী সত্বা দমন কৰাৰ বাবেই এইবাৰ আন তিনিজন নেতাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে এজন দুৰ্বৃত্তই। জীৱনৰ প্ৰতি ভাবুকি হৈ পৰিছে নেতা কেইজনৰ।
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ লগতে প্ৰাক্তন সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু কান্ধুলিমাৰী আঞ্চলিকৰ ক্ৰীড়া সম্পাদক আবুশামা খান্তাজক হত্যা কৰাৰ ভাবুকি দিয়ে।ঘটনা সংক্ৰান্তত দলগাও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কলে কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাই।এজাহাৰত উল্লেখ কৰা মতে যোৱা বুধবাৰে নিশা 9746983038 ফোন নম্বৰৰ পৰা WHASHAPত SMS যোগে হত্যাৰ ভাবুকি প্ৰদান কৰে সংগ্ৰামী নেতা কেইজনক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তিনিজন নেতাক এছ এম এছ যোগে হত্যাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে অঞ্চলখনত।আমছুৰ এজন প্ৰাক্তন কৰ্মীৰ বিৰূদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দিয়াৰ বাবেই সংগ্ৰামী নেতা তিনিজনক হত্যা কৰাৰ বিনিময়ত দহ লাখ টকা লোৱা বুলি দাবী কৰ দুৰ্বৃত্তজনে।বিষয়টো তৎক্ষণাত জিলা আৰক্ষী অধীক্ষকক অৱগত কৰোৱাৰ লগতে বৃহস্পতিবাৰে দলগাওঁ আৰক্ষী থানাত মহম্মদ আলী খলিফাই সেই মোবাইল নম্বৰৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰে। ঘটনা সংক্ৰান্তত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি জনে ।

Leave A Reply