Breaking

তুৰস্ক-ভূমিকম্পই বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে…

0 68

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানৰ আশংকাই সত্য হ’ল। ভূমিকম্প বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে। ৬ ফেব্ৰুৱাৰীত ৰিখটাৰ স্কেলত ৭.৮ জোখৰ ভূমিকম্পই তুৰস্ক আৰু চিৰিয়াৰ বৃহৎ অংশত আঘাত কৰিছিল। ভূমিকম্পৰ ফলত দুয়োখন দেশৰ ঘৰ-বাৰীসমূহ তাচপাতৰ ঘৰৰ দৰে খহি পৰিছিল। ধ্বংসস্তূপত বহুলোক সমাধিস্থ হৈছিল।

তেতিয়াৰ পৰা মৃত্যুৰ সংখ্যা বাঢ়ি আহিছে। সেই সংখ্যা এতিয়া ৫০ হাজাৰ অতিক্ৰম কৰিছে। এৰ্দোগানে আগতে আশংকা প্ৰকাশ কৰিছিল যে ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিব।

কেৱল তুৰস্কতে ৪৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। চৰকাৰী তথ্য অনুসৰি, ভূমিকম্পৰ ফলত দেশখনত এতিয়ালৈকে ৪৪,২১৮ জন লোকৰ মৃত্যু হৈছে।

চিৰিয়াত ৫,৯১৪ জন লোকৰ মৃত্যু হৈছে। তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে ভূমিকম্পটো সংঘটিত হোৱাৰ ১৯ দিন হ’ল। প্ৰচণ্ড শীতপ্ৰবাহ, ঠাণ্ডা আৰু বৰফৰ মাজত উদ্ধাৰ কাৰ্য অব্যাহত ৰখাটো কঠিন। তথাপি তেওঁলোকে হাৰ মানিবলৈ সাজু নহয় বুলি জনায়।

Leave A Reply