বেলশিৰি নৈৰ ওপৰেদি মৰণফান্দ যাতায়ত

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ,জিকিৰিবাৰী গাঁৱৰ ৰাইজে মৰণক শৰণ দি খোজকাঢ়ি পাৰ হয় পাহাৰীয়া খৰস্ৰোতা নৈ বেলশিৰি নৈ ৷বৰ্তমান বাৰিষাৰ সময়ত উক্ত গাওঁকেইখনৰ আৱাল বৃদ্ধ বনিতাৰ লগতে কোলাত কেঁচুৱা লৈ বৃদ্ধ মহিলাই ফেনে ফুটুকাৰে বাঢ়ি অহা পাহাৰীয়া নৈ বেলশিৰি নৈ পাৰ হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৰে গাৰ নোম শিঁয়ৰি উঠিব ৷সুদীৰ্ঘদিন ধৰি বেলশিৰি নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সমস্যা সমাধান নকৰাত এনেদৰে মৰণক শৰণ দি বাঢ়নী পানীৰ মাজেৰে যাতায়ত কৰিবলগা হৈছে সৰ্বসাধাৰণ গঁঞা ৰাইজে ৷ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ গড়মাৰা গাওঁ পঞ্চায়ত এলেকাৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ ,জিকিৰিবাৰী গাঁৱকে আদি কৰি গাওঁসমূহত দেখা গ’ল বিকশিত অসমৰ অবিকশিত ছবি ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰী কোনো উন্নয়নমূলক আঁচনিয়ে সমষ্টিটোৰ উক্ত গাওঁসমূহক স্পৰ্শ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷  উক্ত গাওঁকেইখনৰ ৰাইজ তথা ছাত্ৰছাত্ৰীসকলে বিদ্যালয় ,মহাবিদ্যালয়,চিকিৎসালয়লৈ নৈ পাৰ হৈ যাবলগীয়া হোৱাত সুদীৰ্ঘদিন ধৰি দাবী জনাই অহা বেলশিৰি নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা সন্দৰ্ভত বিগত চৰকাৰৰ লগতে বৰ্তমানৰ স্থানীয় বিধায়ক অশোক সিংহলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে সংবাদমাধ্যমত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷

উক্ত অঞ্চলত বেলশিৰি নৈৰ ওপৰত দলং নিৰ্মাণ নকৰাৰ বাবে ইয়াৰ ছাত্ৰছাত্ৰীসকলে খৰালি নৈ পাৰ হৈ মিছামাৰীত থকা ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,মিছামাৰী জুনিয়ৰ কলেজলৈ যাব পাৰে যদিও বাৰিষা আহিলেই নৈখনি ফেনেফুটুকাৰে বাঢ়ি অহাত ছাত্ৰছাত্ৰীসকলে বহুকিলোমিটাৰ পথ ঘূৰি গৈ বিদ্যালয়লৈ যাব লগা হয় বুলি জনায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি উত্তীৰ্ণ হোৱা ছাত্ৰ হৰেশ্বৰ ৰাজোৱাৰে ৷আনহাতে গড়মাৰা গাওঁ পঞ্চায়ত এলেকাৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ ,জিকিৰিবাৰী গাঁৱকে আদি কৰি গাওঁসমূহত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নথকাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ বাবে এই অঞ্চলৰ ৰাইজে মিছামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নৈ পাৰ হৈ যাব লাগে ৷উল্লেখ্য যে ৰামনাথপুৰ গাঁৱৰ পৰা ঢেকীয়াজুলি নগৰলৈ দূৰত্ব ১২ কিলোমিটাৰ ৷সেয়ে ৰাইজে চিকিৎসাৰ বাবে ঢেকীয়াজুলিলৈ আহিবলৈ অসুবিধা হোৱাত নাতিদূৰৈত থকা মিছামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নৈ পাৰ হৈ চিকিৎসা কৰিব যাব লগা হোৱা বাবে বৰ্তমান বাৰিষাৰ সময়ছোৱাত ৰাইজৰ মাজত এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ঢেকীয়াজুলি সমষ্টিৰ উক্ত অঞ্চলৰ ৰাইজৰ বাবে বেলশিৰি নৈ ওপৰত দলং নিৰ্মাণৰ লগতে
গুৰুতৰ সমস্যাৰাজি সমাধান কৰি ৰাইজক উপকৃত কৰিবলৈ ভুক্তভোগী গঁঞা ৰাইজে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী  অশোক সিংহলৰ লগতে বিভাগীয় কৰ্তৃপক্ষক সংবাদমাধ্যমৰ জৰিয়তে দাবী জনাইছে।।

Related Articles