Breaking

“All India Multilingual Dance and Drama Competition” সৰ্বশ্ৰেষ্ঠ নৃত্য শিল্পীৰ বঁটা লাভ কৰে নিশা শৰ্মাই

0 2,072

তীব্ৰ প্ৰতিশ্ৰুতি সম্পন্ন উদীয়মান অভিনেত্ৰী যোৰহাটৰ নিবাসী প্ৰণৱ শৰ্মা আৰু জোন দেৱীৰ কন্যা নিশা শৰ্মাই মাত্ৰ ৪ বছৰ বয়সৰে পৰাই নৃত্যৰ জগত খনৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰী নিশাই সৰুৰে পৰা আধুনিক নৃত্য, লোক নৃত্য আদি অনেক নৃত্য প্ৰতিযোগিতাত অনেক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
২০১৪ বৰ্ষত উৰিষ্যাত সৰ্বভাৰতীয় পৰ্য্যায়ত “Global Theater Festival”ত “All India Multilingual Dance and Drama Competition” সৰ্বশ্ৰেষ্ঠ নৃত্য শিল্পীৰ বঁটা লাভ কৰাৰ লগতে ২০১৬ বৰ্ষত যোৰহাটৰ ৰংদৈত আয়োজিত শিশু ভাওনা সমাৰোহৰো শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিব গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ইয়াৰ লগতে অভিনয়ৰ জগত খনৰ সৈতে জড়িতহৈ পৰি নিশাই ইতিমধ্যে বহু কেইটা জনপ্রিয় গীতত বহু জনপ্রিয় শিল্পীৰ সৈতে অভিনয় কৰাৰ লগতে অতি সোনকালে সম্প্ৰচাৰিত হব লগা এক অসমীয়া ধাৰাবাহিকটো অভিনয় কৰিছে।

Leave A Reply