অসম সাহিত্য সভাই প্ৰতিজন অংকুৰিত কবি-সাহিত্যিকক সাহিত্য চৰ্চাৰ এখন বহল মঞ্চ প্ৰদান কৰিব;আজি অসমৰ ছাত্ৰ-ছাত্ৰীয়েই কাইলৈৰ অসম সাহিত্য সভাক নেতৃত্ব দিব লাগিব।(Debojit Borah) শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত জাতীয় আদৰ্শ শিক্ষা সংসদৰ অসম আদৰ্শ বিদ্যালয়সমূহৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ মাজত জিজ্ঞাসা যাত্ৰা ২০২৫ উপলক্ষ্যে অনুষ্ঠিত কৰা প্ৰতিভামূলক প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু মুকলি সভাত অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা, বিশিষ্ট সাহিত্যিক জয়ন্ত বিশ্ব শৰ্মা, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱাই বক্তৃতা প্ৰদান কৰা সভাখনত অসম সাহিত্য সভা সংবাদ পত্ৰৰ সম্পাদক গৌতম গগৈ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেন ভৰালী প্ৰমুখ্যে বহু সংখ্যক ভাষাপ্ৰেমী, নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।।

