Breaking

‘ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক, সকলো ধৰ্মনিষিদ্ধ কৰক’: যশোৱন্ত সিনহা

0 1,063

হিন্দুত্বকলৈ দেশৰ একাংশ লোকে এক প্ৰকাৰৰ উন্মাদনাৰ সৃষ্টি কৰাৰ সময়তে।এক ব্যঙ্গাত্মক টুইট পোষ্ট কৰি টিএমচিৰ উপ-সভাপতি যশোৱন্ত সিনহা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।সোমবাৰে যশোৱন্ত সিনহাই কয় যে ভাৰতক “হিন্দু ৰাষ্ট্ৰ” হিচাবে ঘোষণা কৰা উচিৎ আৰু আন সকলো ধৰ্মনিষিদ্ধ কৰক। তেতিয়াহে দেশৰ সকলো সমস্যাৰ সমাধান হ’ব পাৰে। “তেওঁ তেওঁৰ টুইটত লগতে কয়, “অ-হিন্দু ইতিহাস বিলোপ কৰক, বৌদ্ধ, জৈন, মুছলমান আৰু খ্ৰীষ্টানসকলৰ দ্বাৰা হিন্দুসকলৰ বিৰুদ্ধে হোৱা অতীতৰ অন্যায়ৰ প্ৰতিশোধ লওক।” যশৱন্ত সিনহাৰ শ্লেষপূৰ্ণ টুইটোৱে এতিয়া সকলো সংবেদনশীল লোককে জোকাৰি গৈছে। সিনহাই স্পষ্টতঃ ভাৰতীয় জনতা পাৰ্টিৰ ফালে আঙুলিয়াই এই মন্তব্য কৰা বুলি বহুতে ধাৰণা কৰিছে।


টিএমচিৰ মতে সমগ্ৰ দেশৰ বহু ঠাইত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত সকলো সমস্যাৰ সৰল সমাধান হিচাবে সংবিধান সংশোধন কৰি ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ আৰু আন সকলো ধৰ্মনিষিদ্ধ কৰিবলৈ সিনহাই পৰামৰ্শ দিছে।
উল্লেখ্য বৰ্তমান মহাৰাষ্ট্ৰত লাউডস্পীকাৰত আজান বজোৱাক লৈ এক ডাঙৰ বিতৰ্ক চলি আছে। দিল্লীত বেদখল বিৰোধী অভিযান চলি আছে, বিৰোধীয়ে অভিযোগ কৰিছে যে কেৱল মুছলমান সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলতহে উচ্ছেদ চলোৱা হৈছে। বিৰোধী দলবোৰে নিৰন্তৰভাৱে বিজেপি শাসিত চৰকাৰ ৰাজ্য বোৰত মুছলমানসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰি আহিছে।

Leave A Reply