বিশিষ্ট দাৰ্শনিক, ৰাজনীতিবিদ, দেশৰ প্ৰতি সমৰ্পিত একাত্ম মানবতাবাদৰ মহান আদৰ্শৰে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিন সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাতো আজি পালন কৰা হয়। নগৰবেৰা মণ্ডল বিজেপিৰ উদ্যোগত স্থানীয় নগৰবেৰা বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত কৰাএই জন্ম দিনত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে নগৰবেৰা মৌজা সমিতিৰ সভাপতি উদয় শংকৰ মেধি মেধিয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলনৰ লগতে অনুষ্ঠিত কৰা হয় বিভিন্ন কাৰ্য্যসূচী। ইপিনে এই জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু কামনাৰ্থে আৰু তেওঁলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিবলৈ সহশ্ৰাধিক পোষ্ট কাৰ্ড ৰাইজৰ মাজত বিতৰন কৰে নগৰবেৰা মণ্ডল বিজেপিয়ে ৷ এই কাৰ্যসূচীত নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি-পবিত্ৰ কুমাৰ মেধি, সম্পাদকদ্বয়-মানিক কলিতা, ছাৰুকৃষ্ণ কলিতা,অনুপম কলিতা আদিৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকি দীনদয়াল উপ্যাধ্যায়ৰ জন্মদিন সন্দৰ্ভত চমুকৈ ভাষন প্ৰদান কৰে।


