ৰঙিয়াৰ স্থানীয় যুৱ-ব্যৱসায়ী খনিন মেধিৰ প্ৰস্তাৱিত পেট্ৰল ডিপো এটাৰ বাবে প্ৰয়োজন হৈছিল আপত্তিবিহীন প্ৰমাণ পত্ৰকে ধৰি বিভাগীয় কিছু নথিপত্ৰৰ ।প্ৰয়োজনীয় এই নথিপত্ৰ সমূহ গোটাবলৈ খনিন মেধিয়ে কাষ চাপিছিল ৰঙিয়া লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ। কিন্তু এই নথিপত্ৰ সমূহ বনাই দিয়াৰ বিনিময়ত কাৰ্যালয়টোৰ এছ-ডি-ও,সহকাৰী কাৰ্যবাহী অভিযন্তা, বৰবাবু আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিলি মেধিৰ পৰা প্ৰায় ৪০ হাজাৰকৈ টকা সৰকাইছিল আৰু এই সমগ্র ঘটনা গোপনে নিজৰ মোবাইলত বন্দী কৰি ৰাখিছিল খনিন মেধিয়ে।পৰৱৰ্তী পৰ্যায়ত স্থানীয় সমাজসংগঠক জয়ন্ত কুমাৰ কলিতাৰ সহযোগত আজি প্ৰায় এমাহ পূৰ্বে সামাজিক মাধ্যম ফেচবুকযোগে ফাদিল কৰিছিল জয়ন্ত কুমাৰ কলিতাই। ইয়াৰ পিছতেই ৰঙিয়াৰ সচেতন মহলত ব্যপক চৰ্চা লাভ কৰিছিল বিষয়টোৱে। ৰঙিয়াৰ বিভিন্ন দল-সংগঠনে দাবী জনাইছিল দৃষ্টান্ত মূলক শাস্তিৰ। আনহাতে এইঘটনা সন্দৰ্ভত খনিন মেধিয়ে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছিল। ইয়াৰেই ভিত্তিত ৰঙিয়া আৰক্ষী দল এটাই প্ৰায় এমাহৰ অন্তত যোৱা শুক্ৰবাৰে আটক কৰিবলৈ সক্ষম হয় ঘোচখোৰ বিষয়া দীপক মজুমদাৰক । উল্লেখযোগ্য যেইতিমধ্যে একে গোচৰতে দূৰ্নিতী নিবাৰক শাখাই হাতে লোতে গুৱাহাটীত আটক কৰিছিল ৰঙিয়াৰ বিজয় দাস নামৰ আন এগৰাকী কণিষ্ঠ অভিযন্তাক।সম্প্ৰতি ৰঙিয়া লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰক গ্ৰেপ্তাৰ কৰি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই পৰৱৰ্তী পৰ্যায়ত জেললৈ প্ৰেৰণ কৰা হয়। ঘোচখোৰ বিষয়া গৰাকীক আটক কৰাত অসম আৰক্ষীক ধন্যবাদ জনাইছে ভুক্তভোগী খনিন মেধিৰ লগতে ৰঙিয়াৰ বিভিন্ন দল-সংগঠনে । অভিযন্তা গৰাকীক আটক কৰাৰ পিছতেই অচিৰেই আন তিনি গৰাকী ঘোচষোৰ বিষয়া কৰ্মচাৰীও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

