ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য: ঘোষণা মুখ্যমন্ত্ৰীৰ ।Deepak Sarma


Deepak Sarma passes away । গহপুৰৰ ভোলাগুৰিত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণস্থলী পৰিদৰ্শনকালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব।

উল্লেখযোগ্য যে সোমবাৰে চেন্নাইত চিকিৎসাধীন অৱস্থাত মহাপ্ৰয়াণ ঘটে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতনামা বাঁহীবাদক দীপক শৰ্মাৰ। তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ নেমি আহিছে। সাংস্কৃতিক জগতৰ লগতে বিভিন্ন সংগঠন, শিল্পী সমাজ আৰু ৰাজনৈতিক মহলে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দীপক শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, “দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ বাঁহীৰ সুৰত গভীৰতা আৰু আত্মাৰ স্পৰ্শ আছিল। দেশতে তেনেকুৱা শিল্পীৰ সংখ্যা খুব কম।”

তেওঁয়ো লগতে কয় যে চেন্নাইৰ পৰা দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ অনাৰ সকলো ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব।

মুখ্যমন্ত্ৰীয়ে গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিচাত নিৰ্মাণাধীন শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে কয়, “যোৱা বিধানসভা নিৰ্বাচনত মই গহপুৰবাসীক প্ৰতিশ্ৰুতি দিছিলোঁ যে শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিম। অহা ৮ নৱেম্বৰত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। সেয়েহে এই দিনটো প্ৰতিশ্ৰুতি ৰখাৰ দিন।”

তেওঁয়ো যোগ কৰে যে বিশ্ববিদ্যালয়খনক প্ৰযুক্তি-ভিত্তিক শিক্ষাৰ আধাৰত আধুনিক ৰূপত গঢ় ল’ব আৰু বিদেশী বিশ্ববিদ্যালয়ৰ সৈতে একাডেমিক পাৰ্টনাৰশ্বিপ স্থাপন কৰাৰ উদ্যোগ চলিছে। মুখ্যমন্ত্ৰীৰ মতে, “প্ৰথম দিনৰ পৰাই এই বিশ্ববিদ্যালয়ৰ নিজৰ এক ৰেংক থাকিব পাৰে, সেই দিশে আমি কাম কৰিছোঁ।”

ভোলাগুৰিৰ ৭৪০ বিঘা ভূমিত নিৰ্মিত হ’বলগীয়া এই বিশ্ববিদ্যালয়খনত পৰম্পৰাগত পাঠ্যসূচীৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰব’টিক ছায়েঞ্চ, থ্ৰী-ডি প্ৰিণ্টিং আদি আধুনিক বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

এনে আশা প্ৰকাশ কৰা হৈছে যে কনকলতা বিশ্ববিদ্যালয়খন আগামীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশা নিৰ্দেশ কৰিব।

Related Articles