জটিল অস্ত্ৰোপচাৰৰ দিশে দীপক শৰ্মা। দিল্লীৰ অসম হাউচত বাহৰ শৰ্মাৰ

এক জটিল অস্ত্ৰোপচাৰ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ। সম্প্ৰতি দিল্লীৰ অসম হাউচত বাহৰ পাতি আছে শৰ্মাই। ৮ মাৰ্চত তেওঁৰ পত্নী উপস্থিত হব দিল্লীত। চিকিৎসালয়ৰ সমীপত তেওঁ এটা ঘৰ ভাড়ালৈ লৈছে ইতিমধ্য। সেইদিনাই তেওঁক চিকিৎসকে প্ৰয়োগ কৰিব এটা বেজী।

তাৰ পিছতেই জনাব অস্ত্ৰোপচাৰৰ নিৰ্দিষ্ট দিনটো। অসম হাউচৰ বিছনাৰ পৰাই ফেচবুক যোগে অসমবাসীক এই বাৰ্তা প্ৰেৰণ কৰি তেওঁ শীঘ্ৰেই সুস্থ হৈ উঠিবলৈ সকলোৰে আশীৰ্বাদ কামনা কৰিছে। সকলোৰে আশা দীপক শৰ্মা সুস্থ হৈ পুনৰ বাঁহীৰ সুৰেৰে জীপাল কৰি তোলক সকলোৰে মন।

Related Articles